MAJULI
MAJULI 
মুখ্য-পৃষ্ঠা

দুৰ্গা পূজা বিহীন মাজুলীত গুৰুজনাৰ জন্মোৎসৱৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলীঃ দেশৰ ভিতৰতে একমাত্ৰ দুৰ্গা পূজা বিহীন মাজুলীত ব্যাপক আয়োজন আধ্যাত্মিক উৎসৱ মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱৰ। ৪০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি যাগ যজ্ঞ,বলি বিধান আদিৰ দৰে কাৰ্যৰ পৰা বিৰত থকা জিলা খনৰ ৩২ খন সত্ৰই ৰক্ষা কৰি আহিছে বৈষ্ণৱ ধৰ্মৰ খুটি।

যি সময়ত দেশৰ বিভিন্ন স্থানত দুর্গা পূজা উদযাপনৰ অঘোষিত প্ৰতিযোগিতা, জাক জমকতাই গুৰুত্ব লাভ কৰিছে সেই সময়ত মাজুলীৰ সত্ৰানুষ্ঠান, জাতি জনগোষ্ঠীৰ সমন্বয় গ্ৰামাঞ্চলত মুঠ ১১০ স্থানত মহাপুৰুষ গুৰুজনাৰ জন্মোৎসৱৰ প্ৰস্তুতি চলিছে।

অহা ৩ ৰ পৰা ৫ অক্টোবৰ লৈ ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৰু দুজনাৰ সৃষ্টিৰাজি চৰ্চা, পৰিবেশন আৰু প্ৰচাৰ চলোৱা হ'ব। মাজুলীৰ আকাশ বতাহত সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাৰে প্ৰতিধ্বনিত হ'ব খোল-তাল, মৃদংগ,ডবা-শংখ,কাহ,কালি ভেৰুৰ সমলয়ত হৰিনামৰ মুৰ্চনা। ৫ টাকৈ বানপানীৰ অত্যাচাৰ, খহনীয়াত বিধ্বস্ত জনাঞ্চলত পুনৰ সেউজ সপোন ৰছা কৃষকে আগতীয়া ৰবি শস্য হেৰুৱাইও জন্মোৎসৱ উদযাপনৰ বাবে দেহমন একাত্ম কৰি লৈছে।

মানৱ জাতিৰ কল্যাণ আৰু নৱ- প্ৰজন্মৰ মাজত আধ্যাত্মিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে মাজুলীৰ ৩২খন সত্ৰ, কুৰিখন পঞ্চায়ত এলেকাৰ গাঁৱত অহা ৩ আৰু ৪ অক্টোবৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উপৰি মাজুলী ভিত্তিত মহিলাৰ মাজত দিহা নাম,ছাত্র ছাত্ৰী সকলৰ মাজত সত্ৰীয়া নৃত্য, বৰগীত, চিত্ৰকলা প্ৰতিযোগিতা, যুৱক যুৱতী সকলে ভাওনা পৰিবেশন কৰিব।

তাৰোপৰি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৩ অক্টোবৰত পুৱা উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, ধৰ্ম ধ্বজ্জা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলনৰ পিছত মূল বেদীত ভাগৱত স্থাপন কৰিব।

দুপৰীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ হ'ব আৰু ৪ অক্টোবৰলৈকে উক্ত আধ্যাত্মিক অনুষ্ঠানভাগ অব্যাহত থাকিব । সত্ৰানুষ্ঠান সমূহত ৪ দিন ধৰি উদযাপন কৰা হ'ব মহাপুৰুষ জনাৰ জন্মোৎসৱ।

চৰিত পাঠ,উষা কীৰ্তন, উপবাস,নাম কীৰ্তন আৰু সত্ৰীয়া সংস্কৃতিৰ পৰিবেশ কৰিব। উল্লেখযোগ্য যে বিভিন্ন জাতি জনজাতিৰ সমন্বয়ৰ থলি মাজুলীত জনগোষ্ঠী বসতি এলেকাত খ্ৰীষ্টান ধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটিছে যদিও মাজুলীৰ আধ্যাত্মিক উৎসৱ উদযাপন বেলিকা সকলো লোকে সহযোগ কৰে।

বিশেষকৈ জেংৰাইমুখ কেন্দ্ৰীয় নামঘৰৰ উদ্যোগত অঞ্চল সমূহত গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।মাজুলীৰ ফুলনিত থকা নেপালী সম্প্ৰদায়ৰ লোক সকলে কিছু বৰ্ষৰ আগলৈকে বলিবিধান নকৰিলেও দুৰ্গা দেৱীৰ পূজা ব্যক্তিগত ভাৱে উদযাপন কৰাৰ কথা কিছুমানলোকে জানিব লৈ দিয়ে যদিও বৰ্তমান সেই প্ৰথা নাইকিয়া হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। মাজুলীৰ এই একক বৈশিষ্ট্য অক্ষুন্ন ৰাখিবলৈ সত্ৰাধিকাৰ, তথা সচেতন ৰাইজে আহ্বান জনাইছে।