মুখ্য-পৃষ্ঠা

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ডকাইতি কাণ্ডঃ কথমপি ৰক্ষা পৰিল বেংক কৰ্মচাৰী, এজনক আটক…

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৷ বন্ধন বেংকৰ মাৰ্ঘেৰিটা শাখাৰ ৬ জন কৰ্মচাৰীয়ে বৰডুমচাস্থিত এলেকাৰ পৰা বেংকৰ ধন সংগ্ৰহ কৰি উভতি অহাৰ পথত চিনেমাৰ কায়দাৰে ডকাইতিৰ চেষ্টা চলাই ছজনীয়া এটা দুৰ্বৃত্তৰ দলে ৷মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তৰ দলটোৱে বেংকৰ কৰ্মচাৰী কেইজনক এটা নিৰ্জন এলেকাত পথ আগুচি ধৰি ডকাইতিৰ চেষ্টা চলায় ৷

হাতত মাৰানাস্ত্ৰ লৈ আক্ৰমৰ চেষ্টা চলাই দুৰ্বৃত্তৰ দলটোৱে ৷ বহু সময় ধৰি দুয়োপক্ষৰ মাজত পচণ্ড হতাহতিৰ অন্তত স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয় ৷ ৰাইজে তৎপৰতাৰে বেংকৰ কৰ্মচাৰী কেইজনক সহায়ৰ বাবে আগবাঢ়ি আহে ৷ স্থানীয় ৰাইজক পত্যক্ষ কৰাৰ পাছতে ডকাইতৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাই যদিওঁ এজনক হাতেলুটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ধৃত ব্যক্তিজন বাৰেকুৰি ১ নং ন মতাপুঙৰ নিৱাসী আকাশ বুঢ়াগোহাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধৃত ব্যক্তিজনৰ পৰা এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেল আৰু এটা পুটলা বন্ধুক জব্দ কৰিবলৈ সক্ষম হয় ৷

ইফালে দুৰ্বৃত্তৰ দলটোৰ সৈতে হতাহতি হোৱাৰ পৰিপ্ৰেক্ষিতত বেংকৰ এজন কৰ্মচাৰী গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে কিছু বছৰৰ পূৰ্বে মাৰ্ঘেৰিটাৰ একেটা স্থানতেই এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল যত বেংকৰ কৰ্মচাৰীৰ পৰা ডকাইতৰ দলে লুটি নিছিল বহু লক্ষাধিক টকা ৷ বুধবাৰে পুনৰ তেনে অনুৰূপ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে সচেতন মহল ৷স্থানীয় আৰক্ষী-প্ৰশাসনে বিষয়টোক কি ভাৱে গ্ৰহন কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হব ৷