মুখ্য-পৃষ্ঠা

সংকটত অসমৰ দুই শতাধিক মাদ্ৰাছা….

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত কিছু দিন ধৰি অসমৰ কেইবাখনো জিলাত জেহাদী সংগঠনৰ সক্ৰিয়তাৰ খবৰ পোহৰলৈ আহিছে। ঠায়ে ঠায়ে আৰক্ষীয়ে আটক কৰিছে জেহাদী সংগঠনৰ সৈতে জড়িত থকা কেইবাজনো লোকক। কেইবাখনো জিলাত ৰাজ মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক, ব্যৱসায়ী জেহাদী সংগঠনৰ সৈতে জড়িত হৈ থকাৰো তথ্য পোহৰলৈ আহিছে।

বিশেষকৈ নামনি অসমৰ বৰপেটা জিলাক জেহাদী সমৰ্থিত বহু লোকৰ প্ৰশিক্ষণ শিবিৰলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰিছে একাংশই।বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে লাভ কৰিছে জেহাদীৰ বহু গোপন তথ্য। বৰ্তমান সময়ত বৰপেটা জিলাৰ পৰা জেহাদীৰ বিচৰণ ভূমিৰ পৰিসৰ বৃদ্ধি হৈ মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলা স্পৰ্শ কৰিছে।

ক্ৰমাৎ যেন নিজৰ শক্তি বৃদ্ধি কৰাৰ বাবে যেনিয়ে টেনিয়ে শিপাই আহিছে মৌলবাদী সংগঠনটোৰ সমৰ্থিত লোক। অসমক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰসবাদীৰ কৰিডৰত পৰিণত কৰাৰ সপোন পুহি ৰখা জেহাদীৰ বিৰুদ্ধে এইবাৰ তৎপৰ হৈছে অসম তথা ভাৰত চৰকাৰ। বিশেষকৈ মাদ্ৰাছা সমূহৰ দ্বাৰা জেহাদীৰ কাৰ্য-কলাপ পৰিচালিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই সংকটত পৰিছে অসমৰ প্ৰায় দুই শতাধিক মাদ্ৰাছা।
জেহাদীৰে সৈতে মাদ্ৰাছা সমূহৰ গোপন সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ নজৰত নগাঁও, হোজাই আৰু মৰিগাঁও জিলাৰ শতাধিক মাদ্ৰাছা।সমগ্ৰ অসমত সৰ্বমুঠ ৯৫০ খন মাদ্ৰাছা আছে কিন্তু একাংশ মাদ্ৰাছাত বাংলাদেশৰ জেহাদীয়ে আশ্ৰয় গ্ৰহণ কৰাৰ পিছতে চিন্তিত হৈ পৰিছে চোৰাংচোৱা বিভাগ।