মুখ্য-পৃষ্ঠা

মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী কমল নাথ, ভূপালত শপতগ্ৰহণ অনুষ্ঠান

asomiyapratidin

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব কমল নাথে। ভূপালৰ লাল পেৰেড গ্ৰাউণ্ডত শপতগ্ৰহণ কৰিব মধ্যপ্ৰদেশৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক বৃহস্পতিবাৰে সাক্ষাৎ কৰিছিল কমল নাথ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত কাক নিয়োজিত কৰা হ'ব সেই সন্দৰ্ভত কৰা হৈছিল আলোচনা।