মুখ্য-পৃষ্ঠা

‘শনিবাৰে সন্ধিয়া ঘোষণা হ’ব কংগ্ৰেছৰ পৰৰ্ৱতী অধ্যক্ষৰ নাম…’

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ চি ডব্লিউ চিৰ বৈঠক। এই বৈঠকত উপস্থিত আছে কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতা। ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকতে কংগ্ৰেছৰ পৰৰ্ৱতী অধ্যক্ষ নিৰ্বাচন কৰাৰো সম্ভাৱনা আছে।

এই সম্ভাৱনাক অধিক স্পষ্টৰূপ দিলে চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে। চি ডব্লিউ চিৰ বৈঠকত অংশ লোৱাৰ উদ্দেশ্য দিল্লীলৈ ৰাওনা হোৱাৰ আগমুহূৰ্তত বাঘেলে সংবাদমাধ্যংৰ সন্মুখত কয় যে- শনিবাৰে সন্ধিয়া পৰ্যন্ত ঘোষণা হব দলৰ পৰৰ্ৱতী অধ্যক্ষৰ নাম।

ইফালে শনিবাৰে চি ডব্লিউ চিৰ বৈঠকৰ পূৰ্বে আহমেদ পেটেল, কে চি বেণুগোপাল, এ কে এন্টনীয়ে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষৰূপে কেইবাটাও নামৰ ওপৰত চৰ্চা কৰে। তেওঁলোকে চৰ্চা কৰা নাম সমূহৰ ভিতৰত দলৰ জ্যেষ্ঠ নেতা মুকুল বাসনিক, মল্লিকাৰ্জুন খাড়গে, অশোক গেহলট, সুশীল কুমাৰ সিন্দেকে ধৰি কেইবাজনো শীৰ্ষ নেতা আছে।