মুখ্য-পৃষ্ঠা

পুৰনি পেঞ্চন নীতি পুনৰ বাহালৰ দাবীঃ মাধৱদেৱ বিশ্ববিদ্যালয়ত সৰ্বাত্মক কৰ্মবিৰতি…

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰিঃ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেঞ্চন নীতি পুনৰ বাহালৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু মাধৱদেৱ বিশ্ব বিদ্যালয় শিক্ষক সংস্থাৰ সহযোগত আজি সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰুপায়িত হয় ৷

মাধৱদেৱ বিশ্ব বিদ্যালয়ৰ প্ৰাঙ্গণত ৰুপায়িত কাৰ্যসূচীত অংশগ্ৰহণকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে একেমুখে পুৰনি পেঞ্চন নীতিৰ বাহালৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে কয় যে–অসমৰ চৰকাৰী কৰ্মচাৰী সমাজৰ মাজত নতুন পেঞ্চন নীতি ব্যৱস্থাই নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে অৰ্থ সমাজিক ব্যৱস্থাটো ব্যপক প্ৰভাৱ পেলাব ৷

নতুন পেঞ্চন নীতিয়ে শিক্ষক বিষয়া কৰ্মচাৰী সমাজৰ অৱসৰ জীৱনৰ বেলাত বিৰুপ প্ৰভাৱ পেলাব ৷ অৱসৰী জীৱনক সুৰক্ষা দিয়াৰ স্বাৰ্থত ন-পুৰনি সকলো কৰ্মচাৰীকে পুৰনি পেঞ্চন আঁচনিৰ আওতাত নিশ্চিত পেঞ্চন প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক আহ্বান জনায় ৷