মুখ্য-পৃষ্ঠা

ৰক্ষকেই ভক্ষক, লামডিং আৰ পি এফৰ চত্ৰছায়াত চলি থকা চোৰাং চাউলৰ চিণ্ডিকেট উৎখাত…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ লামডিঙত চৰকাৰী চাউল চুৰি কৰি ৰেল সুৰক্ষা বাহিনীৰ চোৰাং বেহা ৷ এই বেহা চলাই গৈছে ৰেল সুৰক্ষা বাহিনী আৰু একাংশ ব্যৱসায়ীয়ে। একপ্ৰকাৰ কবলৈ গলে ৰে'ল বিভাগত এতিয়া ৰক্ষকেই ভক্ষকৰ ৰূপ লৈছে। ৰেলৰ ৱাগণত সৰবৰাহ হোৱা সামগ্ৰীৰ নিৰাপত্তা দিয়াৰ দায়িত্ব ৰেল সুৰক্ষা বাহিনীৰ। কিন্তু ৰেল সুৰক্ষা বাহিনীৰ জোৱান সকলে নিৰাপত্তা দিয়াৰ পৰিবৰ্তে নিজেই নামিছে চুৰিকাণ্ডত। এনে এক ঘটনা পোহৰলৈ অহাত ৰেল সুৰক্ষা বাহিনীত এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে।

নামনিলৈ যোৱা মালবাহী ৰেল'গাড়ী লামডিং সমীপৰ পাথৰখোলাত ৰখাই ৰেল সুৰক্ষা বাহিনীৰ জোৱানে ৰেলৰ পৰা সামগ্ৰী চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। কিন্তু এই ক্ষেত্ৰত ৰেল সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াই কেতিয়াও দিয়া নাছিল গুৰুত্ব। তেনে ক্ষেত্ৰত ১২ এপ্ৰিলত ৰেল সুৰক্ষা বাহিনীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে পাঠৰখোলাত অভিযান চলোৱাত হাতে লোটে ধৰা পৰে ৰেল সুৰক্ষা বাহিনীৰ কাণ্ড। এখন মালবাহী ৰেল গাড়ীৰ পৰা চৰকাৰী চাউল চুৰি কৰি গাড়ীত উঠাই থকা অৱস্থাত ক্ৰাইম ব্ৰাঞ্চৰ দলে অভিযান চলাই হাতে লোটে ৰেল সুৰক্ষা বাহিনীৰ দুজন জোৱান টি মদন সিং আৰু অজিত সিঙক গ্ৰেপ্তাৰ কৰাৰ লগতে গাড়ীৰ চালক সহ হেণ্ডিমেন খুদিৰাম দাস সহ সুনীল দাসক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন এজন ৰেল সুৰক্ষা বাহিনীৰ জোৱান আৰু দুজন ব্যৱসায়ী পলায়ন কৰে।

ইপিনে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰা চালক হেণ্ডিমেনে সমগ্ৰ ঘটনাত ৰেল সুৰক্ষা বাহিনীৰ জড়িত থকা বুলি চাঞ্চল‍্যকৰ স্বীকাৰোক্তি দিয়ে।ক্ৰাইম ব্ৰাঞ্চৰ দলে ঘটনাস্থলীৰ পৰা ৯৮ বস্তা চাউল সহ AS 01 KC 5836 আৰু AS 09 C 6737 নম্বৰৰ দুখন বলেৰ' পিকআপ গাড়ী জব্দ কৰে৷ লগতে ৰেল সুৰক্ষা বাহিনীৰ জোৱান গোলাপ শৰ্মাৰ AS-02M-7277 নম্বৰৰ বাইক খন উদ্ধাৰ কৰা হয় যদিও গোলাপ শৰ্মাই আত্মগোপন কৰে। ঘটনাত জড়িত গোলাপ শৰ্মা সহ ব্যৱসায়ী হাৰু আৰু গোবিন্দকো গ্ৰেপ্তাৰ কৰিছে ।বৰ্তমানলৈকে চাউল চুৰি ঘটনাত তিনিজন ৰেল সুৰক্ষা বাহিনীৰ জোৱান সহ মুঠ ৮ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাৰ মাষ্টাৰ মাইণ্ড গোলাপ শৰ্মা নে ৰেল সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া তাকে লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ ।

ঘটনাত জড়িত কোনো শীৰ্ষ বিষয়া সাৰি যাব নেকি বুলিও প্ৰশ্ন উদয় হৈছে। অৱশ্যে ঘটনা সংক্ৰান্তত লামডিং ৰেল সুৰক্ষা বাহিনী থানাত ১/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইতিমধ্যে আৰ পি এফক কঁপাই যোৱা চাউল চুৰি ঘটনা সংক্ৰান্তত শীৰ্ষ বিষয়াই বৰ্তমানলৈকে কোনোধৰণৰ মন্তব্য প্ৰদান নকৰাত ঘটনাটোত একাংশ শীৰ্ষ বিষয়া সকলো জড়িত থকাৰ সন্দেহ কৰা হৈছে। আৰ পি এফ হেড কনিষ্টবল গোলাপ শৰ্মা , চোৰাং চাউলৰ মাফিয়া হাৰু আৰু গোবিন্দক আৰ পি এফ ক্ৰাইম ব্ৰাঞ্চে গোপন পম খেদি কোচবিহাৰত আটক কৰে তিনিওকে ৷ আটকাধীন তিনিওকে সোধপোছৰ বাবে দেওবাৰে নিশা ১১·৩০ বজাত ৰাজধানী এক্সপ্ৰেছৰ জড়িয়তে লামডিং ৰেল আৰক্ষী থানালৈ লৈ অনা হয় ৷