ড্ৰাগছ, বাৰ্মিজ চুপাৰী আদিৰ অবৈধ কাৰোবাৰৰ কৰিডৰত পৰিণত লামডিঙৰ ২০২২ বছৰৰ ক্ৰাইম ৰেকৰ্ড
ড্ৰাগছ, বাৰ্মিজ চুপাৰী আদিৰ অবৈধ কাৰোবাৰৰ কৰিডৰত পৰিণত লামডিঙৰ ২০২২ বছৰৰ ক্ৰাইম ৰেকৰ্ড 
মুখ্য-পৃষ্ঠা

ড্ৰাগছ, বাৰ্মিজ চুপাৰী আদিৰ অবৈধ কাৰোবাৰৰ কৰিডৰত পৰিণত লামডিঙৰ ২০২২ বছৰৰ ক্ৰাইম ৰেকৰ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ লামডিঙ ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতা। লামডিং ৰে'লৱে জংচনত দিনে নিশাই কৰ্তব্যৰত ব্যস্ত হৈ থকা জি আৰ পি আৰু আৰ পি এফৰ অভিযানত ২০২২ বৰ্ষত কোটি টকাৰ অবৈধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷

২০২২ বৰ্ষত বৃহৎ পৰিমানৰ চুপাৰী, নিসিদ্ধ ভাং, ব্ৰাউন চুগাৰ, এটা AK47, নগদ ধন, ফেন্সিডাইল বটলকে ধৰি বহু কেইজন অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ৷ লামডিঙ আৰক্ষীৰ সমানে সমানে আৰ পি এফ আৰু জি আৰ পিয়ে অপৰাধৰ বিৰুদ্ধে তৎপৰ হৈছে ৷

লামডিঙ ৰে'লৱে জংচনৰ জি আৰ পি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চইদুল ইচলামৰ এক সাক্ষাৎকাৰত এইবছৰত জব্দ কৰা সামগ্ৰীৰ মুঠ পৰিমান প্ৰকাশ কৰি কয় যে, চুপাৰী ১২,৩৬০ কেজি (বজাৰৰ মূল্য ৫৩,৭৬,৬০৫)নিষিদ্ধ গাঞ্জা ১০২৪ কেজি ( বজাৰৰ মূল্য ১ কোটি),ব্ৰাউন চুগাৰ- ১ কেজি ৪২২ গ্ৰাম (বজাৰ মূল্য ১ কোটি), ফেন্সি ডাইল ২৭০ বটল (বজাৰ মূল্য ২৭০০০ হাজাৰ) একে ৪৭ এটা, নগদ ধন ৩৩ লাখ ৭০ হাজাৰ টকা উদ্ধাৰ কৰিছে ৰে'লৰ পৰা জব্দ কৰা হৈছে।

আনফালে এই ঘটনাসমূহৰ লগত জড়িত বহু অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ বিষয়া ইছলামে জনায় যে, নিসিদ্ধ তথা অবৈধ সামগ্ৰীসমূহ ৰে'লৰ মাধ্যমেৰে ডিমাপুৰৰ ফালৰ পৰা বহি:ৰাজলৈ সৰবৰাহ কৰা হয় ৷

কিন্তু লামডিঙ জংচনত আৰক্ষীৰ তৎপৰতাত ৰে'লত তালাচী চলাই জব্দ কৰে সামগ্ৰীসমূহ ৷ বহু দূৰ-দূৰনিৰ পৰা অহা ৰে'লসমূহত যদি টি টি ইসকলে অধিক তৎপৰ হয় তেনেহলে বহু অপৰাধ ৰোধ কৰিব পাৰিব ৷

যিহেতু এই ব্যৱসায়সমূহ লামডিঙ জংচনত নহয় বৰঞ্চ ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰে ৰে'লৰ সাধাৰন শ্ৰেনীৰ ডবাত। সেয়হে সেই ডবাসমূহত অচিনাক্ত বেগ পৰিলক্ষতি হলেই তৎপৰা হ'ব লাগে ট্ৰেইন টিকট নিৰিক্ষক সকল৷