মুখ্য-পৃষ্ঠা

সোণৰ মোহে চুলি নাইকিয়া কৰিলে দৰাৰ, ফটো ভাইৰেল

asomiyapratidin

ডিজিটেল ডেস্কঃ আইনমতে যৌতুক দাবী কৰাটো অপৰাধ। কিন্তু আমাৰ দেশৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে যৌতুক দাবীৰ ঘটনা। দেওবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দৰাই যৌতুক দাবী কৰি নিজেই শলঠেকত পৰিল। কিছুদিনৰ পূৰ্বে লক্ষ্ণৌৰ এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হৈছিল গাৱঁৰে এজন যুৱকৰ সৈতে।

প্ৰথম পৰ্যায়ত দৰাৰ একো ওজৰ-আপত্তি নাছিল যদিও বিয়ালৈ মাথো ৫ দিন থাকোতেই দৰাই দাবী কৰিলে যৌতুক। এডাল সোনৰ চেইন আৰু এখন মটৰ চাইকেল নাপালে দৰা বিয়াত নবহে। হঠাতে দৰাৰ এই দাবী পূৰণ কৰাত কইনাঘৰ কিছু অসুবিধাত পৰিল যদিও অৱশেষত মান্তি হ'ল।

কিন্তু বিয়াৰ দিনা দৰা আহি কইনাঘৰত উপস্থিত হওঁতেই কিছুলোকে ধৰি দৰাৰ চুলি খুৰাই দিলে। ঘটনা গৈ আৰক্ষীৰ থানা পালেগৈ। কইনাঘৰীয়াই দাবী কৰিছে দৰাৰ চুলি কোনে কাটিলে তেওলোকে নাজানে। লক্ষ্ণৌ আৰক্ষীয়ে যৌতুক বিচৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে দৰাক। ইতিমধ্য দৰাৰ চুলি কাটি দিয়া এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ফটো চাই বহুলোকে মন্তব্য কৰিছে 'যৌতুক বিচৰা দৰাক উচিত শিক্ষা দিলে।'