মুখ্য-পৃষ্ঠা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ ২১খন ৰাজ্য, ১০২টা সমষ্টি আৰু ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু অসমৰ ৫সমষ্টিৰ ৮০লক্ষাধিকৰো অধিক ভোটাৰ। পুৱা ৭বজাৰ পৰা আৰম্ভ হব লগা এই ভোটগ্ৰহণৰ বাবে সকলো প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। দেশৰ মুঠ ২১ৰাজ্যত ১০২টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হব। মুঠ ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ মুঠ ৩৫গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ১০,০০১টা ভোটকেন্দ্ৰৰ ৯২টা আদর্শ ভোটকেন্দ্র হিচাপে চিহ্নিত কৰাৰ বিপৰীতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১১টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৫২টা।

প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিয়োজিত কৰা প'লিং-প্রিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৪০,০০৪ গৰাকী। ১০,০০১টা ভি ভি পেট, ১০,০০১টা বেলট ইউনিট, ১০,০০১ কন্ট্ৰ'ল ইউনিট ব্যৱহাৰ কৰা হ'ব অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত।