মুখ্য-পৃষ্ঠা

লকডাউনৰ প্ৰভাৱঃ বাৰীতে শুকাইছে কৃষকৰ কুঁহিয়াৰ…

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ সমগ্র দেশ জুৰি অব্যাহত থকা লকডাউনৰ সময়চোৱাত বিভিন্ন ক্ষেত্ৰত ব্যাপক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । অসমীয়াৰ বাপতি সাহোন বিহু সমাগত ।কিন্তু কোৰোনা ভাইৰাছৰ আতংকময় পৰিৱেশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে বিহুৰ প্ৰস্তুতি এইবাৰ স্তিমিত । ফলত প্ৰভাৱ পৰিছে কুঁহিয়াৰ খেতিয়ক সকলৰ ওপৰতো ।

বিহুৰ পিঠা-পনা বনোৱাকে ধৰি বিভিন্ন কামত ব্যৱহৃত হোৱা গুৰ বিক্ৰী কৰিবৰ বাবে যিহেতু বিহুৰ পূৰ্বে কোনো বজাৰ নবহে সেয়ে কুঁহিয়াৰ খেতিয়ক সকলে তেঁওলোকৰ কুঁহিয়াৰ সমূহৰে এইবাৰ গুৰ প্ৰস্তুত নকৰাত বাৰীতে শুকাই গৈছে কুঁহিয়াৰ।

বিহুৰ পূৰ্বে কুঁহিয়াৰ পেৰি গুৰ প্ৰস্তুত কৰি বিহুৰ বজাৰত সেই সমূহ বিক্ৰী কৰি আৰ্থিক ভাৱে সচ্ছল হোৱা এই সকল কুঁহিয়াৰ খেতিয়কলৈ এইবাৰ নামি অহা এই দূৰ্যোগে গ্ৰাম্য অৰ্থনীতিটো যে বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত ।