মুখ্য-পৃষ্ঠা

দেশত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৫,৬৭৪ জন, ৫৫৯ জনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছৰ নতুন ঘটনা ক্ৰমাৎ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। বিগত ২৪ ঘন্টাত কোভিড-১৯ ত নতুনকৈ সংক্ৰমিত হোৱা লোকৰ সংখ্যা ৪৫,৬৭৪ জন। শনিবাৰে সংক্ৰমিত নতুন ঘটনাৰ সংখ্যা আছিল ৫০,৩৫৬ জন।

স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা ৰবিবাৰে পুৱা জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ৪৫,৬৭৪ নতুন ঘটনা পোহৰলৈ আহিছে। ইয়াৰ লগে লগে দেশত কোৰোনা সংক্ৰমিত মুঠ ঘটনাৰ সংখ্যা৮৫,০৭,৭৫৪ হৈছেগৈ। ইয়াৰে বিগত ২৪ ঘন্টাত৫৫৯ জন লোকৰ মৃত্যু হৈছে। দেশত বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বমুঠ ১,২৬,১২১ জন।