মুখ্য-পৃষ্ঠা

মিছা বাতৰিৰ বাবে বহু সংখ্যক প্ৰবাসী শ্ৰমিকে পলায়ন কৰিছিল : কেন্দ্ৰীয় চৰকাৰ

asomiyapratidin

ডিজিটেল ডেস্ক : দেশত কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ মাৰ্ছ মাহৰ পৰা আৰম্ভ হোৱা লকডাউনত প্ৰবাসী শ্ৰমিকৰ পলায়ন মিছা বাতৰি কাৰনে হোৱা বুলি মঙলবাৰে সংসদত কয় কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰে সোমবাৰে সদনত প্ৰবাসী শ্ৰমিক সম্পৰ্কত অদ্ভুত ব্যক্তব্য প্ৰদান কৰিছিল চৰকাৰে । সদনত কেন্দ্ৰীয় চৰকাৰে কৈছিল প্ৰবাসী শ্ৰমিকৰ মৃত্যুৰ সংখ্যাই নাই সেয়ে ক্ষতিপূৰন দিয়াৰ প্ৰশ্নই নুঠে ।

কেন্দ্ৰীয় গৃহ বিভাগে তৃণমূল কংগ্ৰেছৰ সাংসদ মালা ৰায়ৰ লিখিত প্ৰশ্নত এনেদৰে কয় ।সাংসদ গৰাকীয়ে লিখিত প্ৰশ্নৰ জৰিয়তে কৈছিল যে ২৫ মাৰ্ছত লকডাউন দিয়াৰ আগত প্ৰবাসী মজদূৰ সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ গ্ৰহন কৰা হৈছিল কৰা হৈছিল যিহেতু বহু শ্ৰমিক খোজ কাঢ়ি যাত্ৰা কৰিবলৈ বাধ্য হয় আৰু বহু লোক এই যাত্ৰাত মৃত্যু হয় ।