মুখ্য-পৃষ্ঠা

লামডিঙত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ…

asomiyapratidin

ডিজিটেল সংবাদ,লামডিংঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱ পৰলোৰ প্ৰাপ্তিত অগনন গুণমুগ্ধ ৰাইজ শোকগস্ত হৈ পৰিছে ৷ আজি ৩ ডিচেম্বৰ হিন্দু নীতি নিয়ম অনুসৰি প্ৰয়াত তৰুন গগৈ দেৱৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ ৷ আজি পৰিয়ালবৰ্গই তেখেতৰ আদ্যশ্ৰাদ্ধ্য চৰকাৰী বাসভৱনৰ সমীপতে অনুষ্ঠিত কৰাৰ লগতে সমান্তৰাল ভাৱে আজি লামডিঙ ব্লক কংগ্ৰেছ কাৰ্যালয় সম্পৰ্ন নীতি নিয়ম অনুসৰি কংগ্ৰেছ কৰ্মী সকলে প্ৰয়াত তৰুন গগৈৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰে ৷

ৰাতিপুৱা ভাগৰ পৰাই নিশালৈকে সম্পূৰ্ন দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰে ৷ কংগ্ৰেছ কৰ্মী তথা তেওঁৰ গুণমগ্ধসকলে পুৱাৰ পৰাই তেওৰ ফটোত পুষ্পদান কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ লগতে গোটেই দিনযোৰা তেওঁৰ আত্মাৰ সদগতি কামনা কৰি গীতা পাঠ কৰোৱা হয় ৷

সন্ধিয়া ভাগত কাৰ্যালয়তে কংগ্ৰেছকৰ্মী সকলে তেওঁৰ শান্তিৰ বাবে নাম প্ৰসংগ কৰাৰ লগতে ৰাইজৰ বাবে প্ৰসাদৰ আয়োজনো কৰা হৈছে ৷ অনুষ্ঠানত লামডিঙ ব্লক কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰয় চৌধুৰী, কংগ্ৰেছ নেত্ৰী মায়া চক্ৰৱৰ্তী, প্ৰাক্তন পৌৰসভাৰ অধ্যক্ষ মানিক দে, প্ৰাক্তন বিধায়ক স্বপন কৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷