মুখ্য-পৃষ্ঠা

ধোৱা ছাঙত উঠিল লামডিঙৰ এখন পশু চিকিৎসালয়! চিকিৎসকৰ অভাৱত লামডিঙত মৃত্যু কেবাটাও গৰু…

asomiyapratidin

ডিজিটেল সংবাদ,লামডিংঃ কৃষি প্ৰধান ৰাজ্য খনৰ বহু স্থানত পশুধন চিকিৎসাৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । তেনে ক্ষেত্ৰত লামডিংত এখন পশু চিকিৎসালয় আছে কিন্তু চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসক ৷ পশু চিকিৎসালয়ত চিকিৎসকৰ অভাৱৰ বাবেই লামডিঙত জীয়াতু ভূগিছে একাংশ পশুধন পালকে ৷

চিকিৎসাৰ অভাৱত কেইবাটাও গৰুৰমৃত্যু হোৱাত লামডিঙৰ চান্দমাৰি বস্তিৰ অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে৷ লামডিং চান্দমাৰী বস্তি অঞ্চলৰ ৰাইজৰ অভিযোগ লামডিং পশু চিকিৎসালয় খনত নিয়মিতভাৱে চিকিৎসক নথকাৰ বাবে পোহনীয়া কুকুৰকে আদি কৰি গৰু ছাগলী অসুস্থ হলে কিঞ্চিত চিকিৎসাৰো সুবিধা নাপায় চিকিৎসকৰ পৰা ৷

বেংকৰ পৰা লোন লৈ গো পালক সকলে গৰু ক্ৰয় কৰিছে যদিও চিকিৎসাৰ অভাৱত গৰু মৃত্যু মুখত পৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দীর্ঘদিন ধৰি পশুচিকিৎসালয়খনৰ পৰা পশুৰ বাবে অহা ভেকচিন তথা ঔষধৰ পৰাও বঞ্চিত হ'ব লগীয়া হৈছে এইসকল ৰাইজ ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় কয় যে অনতিপলমে চিকিৎসালয় খনত এজন চিকিৎসক নিয়োজিত কৰক ৷ প্ৰশ্ন হয় চৰকাৰী ধন লাভ কৰা এই পশু চিকিৎসালয়ৰ চিকিৎসকলে এনেদৰেই বিভাগীয় কৰ্তৃপক্ষৰ চকুত ফাকি দি পালন কৰিছে নেকি নিজৰ কৰ্তব্য ৷ ৰাইজৰ অভিযোগ যদি সচাঁ হয় তেনেহলে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই তুলিছে এইসকল চিকিৎসকে ৷