মুখ্য-পৃষ্ঠা

নিৰ্বাচনৰ বতাহৰ লগে লগে লামডিঙত উদযাপন দৌল উৎসৱ…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙতো 'সংকল্প' আৰু 'লামডিং বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ' উদ্যোগত আজি শিশু উদ্যানত (চিল্ড্ৰেন পাৰ্ক) ত দৌল উৎসৱ বিশাল অনুষ্ঠান আয়োজন কৰে ৷

ৰঙৰ উৎসৱত নানান ৰঙত ৰঙীন হৈ পৰিছে লামডিঙৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ ৷ অনুষ্ঠানত স্থানীয় শিল্পী সকলে নৃত্যগীত পৰিবেশন কৰি আনন্দ উল্লাসৰে উদযাপন কৰে দৌল উৎসৱৰ ৷

আগন্তুক নিৰ্বাচন শান্তি শৃংখলাভাৱে কৰাৰ বাবে অনুৰোধ জনাই সংকল্পৰ সদস্যবৃন্দই লগতে কয় যে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থাকিব কিন্তু লামডিঙৰ সকলোৱে ৰাইজে ফাকুৱাও তাৰ সমান্তৰালভাৱে উদযাপন কৰি যাব বুলি ৷ উক্ত অনুষ্ঠান গুৱাহাটী আমন্ত্ৰিত শিল্পী " টানা" অশংগ্ৰহন কৰি গীত পৰিবেশন কৰে ৷