মুখ্য-পৃষ্ঠা

ৰঙা চাহ নে গাখীৰ চাহঃ কোনবিধ আপোনাৰ বাবে অধিক উপকাৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ আপুনি দিনটোত কেইবাৰ চাহ খায়? বেছিভাগ লোকেই এটা দিনত ৭-৮বাৰকৈ চাহ খায়। কিছুলোকে গাখীৰ দিয়া চাহ খাই ভাল পায় আৰু কিছুয়ে খাই ভাল পায় ৰঙা চাহ অথবা গ্ৰীণ টী। কিন্তু আপুনি বাৰু জানেনে, আপোনাৰ দেহৰ বাবে কোনবিধ চাহ উপকাৰী।

যদিও বহুতে ৰঙা চাহ খাই ভাল পাই ইয়াৰ মাজতে আকৌ বহুতৰে প্ৰিয় গাখীৰ দিয়া চাহ। কিন্তু গাখীৰ আৰু চেনী মিশ্ৰণ হোৱাৰ পাছত চাহৰ গুণগত মান হ্ৰাস পায়। চাহত গাখীৰ মিক্স কৰাৰ পাছত ইয়াত এন্টী-অক্সিডেন্টৰ কাম কমি আহে আৰু চেনী মিক্স কৰাৰ পাছত কেলছিয়ামৰ পৰিমাণ হ্ৰাস পায়। ইয়াৰ ফলত গাখীৰ চাহ সেৱন কৰা এগৰাকী লোকৰ ওজন বৃদ্ধি পোৱাৰ লগতে গেছৰো যথেষ্ট অসুবিধাত ভুগিব পাৰে।

ইয়াৰ বিপৰীতে যিসকল লোকে ৰঙা চাহ অথবা ব্লেক টী খাই ভাল পায়, তেওলোকক সেই চাহে সুস্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। এই চাহ দুবিধে এগৰাকী লোকৰ ওজন হ্ৰাস কৰাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধমূলক কোষবোৰ অধিক শক্তিশালী কৰাতো সহায় কৰে।