মুখ্য-পৃষ্ঠা

সৰ্তকতা অৱলম্বন কৰি ‘লাচিত দিৱস’ উদযাপনৰ দিহা কৰিছে লাচিত সংঘই…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অহা ২৪ নৱেম্বৰ,২০২০ মঙলবাৰে গুৱহাটী লাচিত সংঘৰ প্ৰাঙ্গণত 'লাচিত দিৱস' উদযাপনৰ দিহা কৰা হৈছে। উক্ত দিনটোত পুৱা ১০.০০ বজাত সংঘৰ পতাকা উত্তোলনৰ লগতে সংঘৰ বাকৰিত থকা বীৰ লাচিত প্ৰতিমূৰ্তিত পুষ্প অৰ্পন কৰা হ'ব।

এই কাৰ্যসূচীৰ সমান্তৰালভাৱে পৰিৱেশন কৰা হ'ব অসমৰ জাতীয় সংগীতটি। বিয়লিভাগলৈ ৪.৩০বজাত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ লগতে সংঘৰ সমগ্ৰ চৌহদত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।

সংঘই অতি দুখেৰে জনায় যে, এইবেলি কৰোনা মহামাৰীৰ বাবে লাচিত দিৱসৰ অন্যান্য আনুসংঙ্গিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে। উক্ত দিনটিত সকলো ৰাইজৰ উপস্থিতিৰ লগতে সহযোগিতা সংঘই কামনা কৰিছে