কোকৰাঝাৰত জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ছানু...
কোকৰাঝাৰত জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ছানু... 
মুখ্য-পৃষ্ঠা

কোকৰাঝাৰত জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ছানু...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ- বঙাইগাঁৱৰ নতুনপাৰাৰ শিৱমন্দিৰত দান কৰা এটা শিৱমূৰ্তি উন্মোচন কৰিবলৈ আহি থকাৰ পথত আজি বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানু ক্ষন্তেক সময়ৰ বাবে কোকৰাঝাৰৰ আলহী হয় ।কোকৰাঝাৰত উপস্থিত হৈ কুমাৰ ছানুৱে বিটিচিৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দেৰ বাসগৃহত কিছুসময় জিৰণি লয় আৰু আতিথ্য গ্ৰহণ কৰে ।

মুহুৰ্ততে কুমাৰ ছানু কোকৰাঝাৰলৈ অহাৰ খবৰটো বিয়পি পৰাত শিল্পী গৰাকীৰ সতে অনুৰাগী সকলে ছেলফি লবলৈ বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বাসগৃহত ভিৰ কৰাৰ লগতে ফুলৰ থোপা, আৰ’ণাই, গামোছা আদিৰে কণ্ঠশিল্পীগৰাকীক সম্বৰ্ধনা জনোৱা পৰিনক্ষিত হয় ৷

কণ্ঠশিল্পী গৰাকীয়ে অসমীয়া গীতৰ লগতে নিজৰ কেইবাটাও হিন্দী আৰু বঙালী জনপ্ৰিয় গীতৰ কলি গুণগুণাই অসমক মই ভালপাওঁ বুলি উল্লেখ কৰে। উল্লেখ্য যে বঙাইগাঁৱৰ নতুনপাৰাত শিৱমন্দিৰৰ শিৱমূৰ্তি উন্মোচন কৰি পানী ঢালে আৰু ইয়াৰ পিছতে শিল্পীগৰাকী মানাহ ৰাষ্ট্ৰীয় উদ্যান অভিমুখে ৰাওনা হয় আৰু নিশাটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অতিথিশালাত কটাব বুলি জানিব পৰা গৈছে।