মুখ্য-পৃষ্ঠা

কোকৰাঝাত আৰক্ষীৰ লাঠীচালনা, আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি হাইস্কুলত শনিবাৰে  মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছালাকাটি হাইস্কুলত থকা ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাথো ৪৭ গৰাকী পৰীক্ষাৰ্থী কালি ঘোষিত হোৱা ফলাফলত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত শনিবাৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।

 অনুতীৰ্ণ একাংশ ছাত্ৰ ছাত্ৰীয়ে শনিবাৰে বিদ্যালয়ত উপস্থিত হৈ কি কাৰণে অধিকাংশ ছাত্ৰ -ছাত্ৰী অনুতীৰ্ণ হ'ল সেই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিছিল কিন্তু বিদ্যালয় কৰ্তৃপক্ষই  উত্তৰ দিব নোৱাৰাত বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ ছাত্ৰ ছাত্ৰীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আন একাংশ ছাত্ৰ ছাত্ৰীয়ে পথৰ ওপৰতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত পৰিৱেশ উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা কৰে । আৰক্ষীৰ লাঠীচালনাৰ ফলত কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে ।

         ইপিনে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মইনুদ্দিন আলীয়ে আৰক্ষীৰ বৰ্বৰতাক সমালোচনা কৰিছে । তদুপৰি ছাত্ৰ ছাত্ৰীয়ে ন্যায় পোৱা নাই বুলি মন্তব্য কৰি সকলো বেমেজালি নিৰ্মূল কৰাৰ বাবে আহ্বান জনাইছে।