মুখ্য-পৃষ্ঠা

কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজন নিহত,পাঁচজন আহত…

asomiyapratidin

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ৰবিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত ঘটনাত থিতাতে নিহত হোৱা লোকজন মেঘালয়ৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বলেন্দ্ৰ চেত্ৰী বুলি জানিব পৰা গৈছে।

জানিবপৰা মতে এছ ১৮ চি/৯২১১ নম্বৰৰ এখন অটো আৰু এছ ১৮ বি/৮১৫৫ নম্বৰৰ এখন এল্ট'ৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা হয়।দুৰ্ঘটনাত আন পাঁচজন লোক গুৰত্বৰ ভাবে আহত হয়।