কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সফল সামৰণি
কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সফল সামৰণি  
মুখ্য-পৃষ্ঠা

কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম স্বাভিমানি শিক্ষানুষ্ঠান, বিগত ডেৰ শতিকা জুৰি গুণগত প্ৰাথমিক শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰত  নিৰবিচ্ছিন্ন অৱদান আগবঢ়াই অহা ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ শনিবাৰৰ অন্তিম দিনা অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই তিনি দিনীয়া কাৰ্য্যসূচীৰ অনন্য মাত্ৰা প্ৰদান কৰে। 

জয়ন্তীৰ তৃতীয় তথা অন্তিম দিনাৰ মুখ্য কাৰ্যসূচী সমন্বয়ৰ বাৰ্তা বহনকাৰী সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় পুৱা ১০-১০ বজাত। এই বৰ্ণিল শোভাযাত্ৰা শোণিতপুৰ জিলাৰ জিলা সাংস্কৃতিক বিষয়া জিতেন দাসৰ উদ্বোধনী ভাষণেৰে শুভাৰম্ভ হয়।

সাংস্কৃতিক শোভাযাত্ৰাত জীয়ামৰিয়া , কমাৰ গাঁও, কপহুৱা , দেউলিয়া , ভগামুখ , হুজ গাঁও আদিৰ অগণন  শিক্ষানুৰাগী ৰাইজে স্বতঃস্ফুট অংশ গ্ৰহণ কৰে। শোভাযাত্ৰাত কাষত কলহ লৈ ১০০ গৰাকী আয়তী, মিচিং, দেউৰী ,চাউতালী ,নেপালী লোক কৃষ্টি দল ,জীয়ামৰিয়া, কমাৰ গাঁও, কপহুৱা গাঁওৰ  গায়ন বায়নৰ দল , কমাৰ গাঁওৰ সত্ৰীয়া নৃত্যৰ দল, জাতিয় লোক কৃষ্টিৰ  বিহু দলেও অংশগ্ৰহণ কৰে।

এই সমন্বয়ৰ বাৰ্তা বহনকাৰী দৃষ্টিনন্দন শোভাযাত্ৰাক দৰাচলতে জ্ঞানৰ গৰিমা বিলোৱা এক শৈক্ষিক উত্তৰন মুখী যাত্ৰা বুলি অভিহিত কৰি বিগত ডেৰ শতিকা গৰকা এইখন শিক্ষানুষ্ঠান ৰাজ্যখনৰে ভিতৰত জ্ঞানৰ গৰিমা  বিকিৰণৰ এজোপা বটবৃক্ষ হিচাবে অনাদি অনন্ত কাললৈকো ইতিহাসৰ পৃষ্ঠাত সমুজ্জ্বল ভোটা তৰা হিচাবে জিলিকি  ৰব বুলি  উদ্বোধক  দাসে মন্তব্য কৰে। 

ইয়াৰ পূৰ্বে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ভেশচন প্ৰতিযোগিতা । অঞ্চলটোৰ বহু সংখ্যক যুৱক-যুৱতী, শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই ভেশচন প্ৰতিযোগিতাৰ পাছতে দুপৰীয়া সভা মণ্ডপত অনুষ্ঠিত হয় মুকলি সভা । বিশিষ্ট সাহিত্যিক ,ড০ নিৰ্মল চাহেৱালা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে।

সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি নৱ কুমাৰ দলেয়ে । বিদ্যালয়ৰ এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ ছবিলাল জৈন , ড০ ঠানু ৰাম মজিন্দাৰ , বিশিষ্ট অতিথি হিচাবে মহকুমাধিপতি অৰিন্দম বৰুৱা  , শিক্ষাবিদ ড০ চন্দ্ৰ চুতীয়াই অংশ গ্ৰহণ কৰে।

অতি শৃঙ্খলিত ভাবে অনুষ্ঠিত জয়ন্তীৰ তিনিওটা দিনৰ সমূহ কাৰ্যসূচী শুভাকাংক্ষী ৰাইজ ,প্ৰাক্তন শিক্ষক শিক্ষাৰ্থী আৰু বিদ্যালয় পৰিয়ালৰ অকুণ্ঠ সহযোগিতাৰে শনিবাৰে  সফল সমাপ্তি ঘটাৰ বাবে সকলোৰে ওচৰত ব্যৱস্থাপনা সমিতিৰ সম্পাদক ভাস্কৰ দাসে কৃতজ্ঞতাৰ সেৱা ধৰিছে।