মুখ্য-পৃষ্ঠা

প্ৰথমবাৰৰ বাবে দেশত নদীৰ তলত চলিব ৰে’ল, মন্ত্ৰী পীয়ুষ গোৱেলৰ টুইট… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ আধুনিক তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ সাজু হৈছে ভাৰত। কিয়নো দেশত প্ৰথমবাৰৰ বাবে কোনো নদীৰ তলত চলিব মেট্ৰ' ৰেল। কলকাতাৰ হুগলী নদীৰ তলেৰে পাৰ হ'ব মেট্ৰ' ৰেল। এই মেট্ৰ' ৰেলখনত উঠিবলৈ দেশবাসীয় বহু সময় অপেক্ষা কৰাৰো প্ৰয়োজন নাই। জানিব পৰা মতে, এই পানীৰ তলেৰে মেট্ৰ' চলোৱাৰ কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈছে।

নদীখনৰ জলপৃষ্ঠৰ পৰা প্ৰায় ৩০ মিটাৰ তলত এটা ৫২০ মিটাৰ দীঘল সুৰংগৰে পাৰ হৈ যাব এই ৰেলখন। মাত্ৰ ৬০ ছেকেণ্ডতে এই সুৰংগটো অতিক্ৰম কৰিব মেট্ৰ' ৰেলখনে। কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে এটা ভিডিঅ' টুইট কৰি জনাইছে যে, শীঘ্ৰে পানীৰ তলেৰে চলিব মেট্ৰ' ৰেল।

কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে টুইটটোত লিখিছে-'ভাৰতত প্ৰথমবাৰৰ বাবে পানীৰ তলেৰে চলিব ৰে'ল। কলকাতাৰ হুগলী নদীৰ তলেৰে হ'ব ৰেলৰচলাচল। এয়া দেশৰ উন্নতিৰ উদাহৰণ। এই ৰেলৰ যাত্ৰা আৰম্ভ হোৱাৰ পাছত কলকাতাবাসীয় বহুসুবিধা লাভ কৰিব আৰু দেশবাসীৰ বাবে হ'ব এয়া গৌৰৱৰ কথা।'