মুখ্য-পৃষ্ঠা

ভয়ংকৰ ঘটনাঃ কোকৰাঝাৰত কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ৩৩গৰাকীৰ পলায়ন…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বেচৰগাঁওস্থিত নাৰ্ছিং ট্ৰেইনিং চেণ্টাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আজি ৩৩ আৱাসীয়ে পলায়ন কৰে যদিও কোকৰাঝাৰ আৰক্ষীয়ে পলায়ন কৰা গোটেইকেইজন আৱাসীকে পুণৰাই আটক কৰিবলৈ সক্ষম হৈছে । মুলত খাদ্য পানীৰ অভাৱৰ বাবেই তেওঁলোক কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ওলাই আহি পদব্ৰজে ঘৰলৈ বুলি ৰাওনা দিছিল বুলি সদৰি কৰিছে পলায়ন কৰা আৱাসীসকলৰ একাংশই।

কোৱাৰেইণ্টাইন চেণ্টাৰৰ পৰা প্ৰায় দুই তিনি কিলোমিটাৰ পথ পদব্ৰজেে অহাৰ পিছত স্বয়ং কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ওলাই অহা বিশাল দলটোক বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ওচৰত কৰায়ত্ব কৰি পুনৰ গাড়ীৰে বেচৰগাঁওস্থিত নাৰ্ছিং ট্ৰেইনিং চেণ্টাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত থৈ আহে ।

আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সদৰি কৰা মতে কোৱাৰেইণ্টান চেণ্টাৰৰ পৰা নীতি বহিৰ্ভূতভাৱে বাহিৰলৈ ওলাই অহা আৱাসী সকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব । আনহাতে কোৱাৰেইণ্টান চেণ্টাৰৰ পৰা বলপূৰ্বভাৱে বাহিৰ হোৱা আৱাসীসকলে তেওঁলোকে সঠিকভাৱে খাদ্য-পানী নোপোৱাৰ বাবেই এনেদৰে ওলাই আহিব লগা হ'ল বুলি সদৰি কৰিছে ।