মুখ্য-পৃষ্ঠা

স্বৰ্ণ প্ৰাপ্তিৰে সৃষ্টি হওঁক ইতিহাসঃ লাভলীনাৰ বাবে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰঝাৰঃ অলিম্পিকত অসম কণ্যা লাভলীনা বৰগোঁহাইৰ লগতে অলিম্পিকত যোগদান কৰা আন ভাৰতীয় খেলুৱৈ সকলৰ সফলতা কামনা কৰি আজি কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় । বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকীকৰণত (SAI)অনুষ্ঠিত হোৱা সৰ্বধৰ্মীয় প্ৰাৰ্থনাত হিন্দু , ইছলাম, খ্ৰীষ্টানৰ কেবাটাও ধৰ্মপন্থীয়ে অংশগ্ৰহণ কৰে ।

সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত বাথৌ, জৈন, নামকীৰ্ত্তন, খ্ৰীষ্টান, কৃষ্ণগুৰু , সৎসঙ্গ, ইছলাম ধৰ্মীৰ লোকসকলে নিজ নিজ ধৰ্মৰ পদ্ধতি আৰু নিয়মানুসৰে অসম কন্যা লাভলীনাৰ সফলতা কামনা কৰি প্ৰাৰ্থনা -দোৱা সম্পন্ন কৰে । বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই অসম কন্যা লাভলীনাই যাতে স্বৰ্ণপদক হস্তগত কৰিব পাৰে তাৰ বাবেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰি অলিম্পিক লৈ যোৱা ভাৰতীয় টীমৰ সকলো খেলুৱৈ সদস্যৰ সফলতা কামনা কৰিছে ।

উল্লেখ্যে যে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ পূৰ্বে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত শ্বহীদ হোৱা অসম আৰক্ষী জোৱান সকলৰ পবিত্ৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় । কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে , বিটিচিৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়ো , যুৱ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া যষ্ণাৱতী মহিলাৰীকে ধৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

সংবাদমাধ্যমৰ আগত বিটিচিৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই কয় যে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে যাতে সোণৰ পদক লাভ কৰিব পাৰে তাৰ বাবে আজি আঠটাকৈ বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে কোকৰাঝাৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । বিটিচিৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই লাভলীনা সফল হোৱাৰ কামনা কৰি লাভলীনাই সোণপ্ৰাপ্তিৰে ইতিহাস সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে ।

ইপিনে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই লাভলীনাৰ সফলতা কামনা কৰি লাভলীনা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হোৱা উচিত বুলি মন্তব্য কৰিছে । প্ৰতিভা আৰু মনোবলে কেনেদেৰে শ্ৰেষ্ঠ স্থানলৈ নিব পাৰে সেয়া লাভলীনাই উদাহৰণ বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই ।