মুখ্য-পৃষ্ঠা

কোকৰাঝাৰৰ ডিটিঅ' সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক আটক, জব্দ কেইবালাখ টকা

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বুধবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে ডিটিঅ' সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক । চিৰাং জিলাৰ নিজ বাসভৱনৰ পৰা আটক কৰে ডিটিঅ' সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক ।

ডিএচপি পুনম পেগুৰ নেৰ্তৃত্বত আটক সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক। ডিটিঅ' গৰাকীক আটক কৰাৰ পিছত ক'ত ৰখা হৈছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই ।

ডিটিঅ' সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ বাসগৃহৰ পৰা নগদ ৩৬ লাখ টকা উদ্ধাৰ । জিলাখনৰ শীৰ্ষ আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই ।

ৰিছাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰী নামৰ আন দুজনকো আটক কৰা বুলি জানিব পৰা গৈছে ।

ইয়াৰে ৰিচাৰ্ড মুছাহাৰী এনফৰ্চমেণ্ট ইন্সপেক্টৰ আৰু শেহতীয়াভাৱে শ্ৰীৰামপুৰত কৰ্মৰত আছিল ।