মুখ্য-পৃষ্ঠা

কোকৰাঝাৰত ২৬০০ লোক কোৱাৰেণ্টাইনতঃ ডঃ অমল মুছাহাৰী, চৰকাৰী নিৰ্দেশ মানি চলাৰ আহ্বান প্ৰমোদ বড়োৰ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে মানি চলিবলৈ আহ্বান জনাইছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে। দেওবাৰে কোকৰাাঝাৰত সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োৱে যিসকল লোকে এতিয়াও চৰকাৰী নিৰ্দেশনা মানি চলা নাই, তেওঁলোকক কোৰোনা সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থতে চৰকাৰী নিৰ্দেশ মানি চলাৰ আহ্বান জনাইছে। তদুপৰি প্ৰমোদ বড়োৱে কেন্দ্ৰীয় আৰৰ ৰাজ্য চৰকাৰৰ দ্বাৰা ইতিপূৰ্বে ঘোষিত সাহাৰ্য অতি সোনকালে দুখীয়া লোকৰৰ মাজত বিতৰণ কৰিবলৈ আহ্বান জনাইছে।

লকডাউনে ১২ দিন অতিক্ৰম কৰাৰ পিছত দুখীয়া শ্ৰেণীৰ ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে বুলি সদৰি কৰি প্ৰমোদ বড়োই সাহাৰ্য সামগ্ৰী সমূহ যথাযথভাৱে বিতৰণ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি দেওবাৰে নিশা ৯ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোকে চাকি -বন্তি প্ৰজ্বলন কৰিবলৈও আহ্বান জনায় প্ৰমোদ বড়োৱে। আনহাতে দেওবাৰে কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত ছেনিটাইজেশ্যন কৰা হয়।

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথৰ নেৰ্তৃত্বত নাথ যোগী ছাত্ৰ সন্থাৰ সদস্য সকলে ভূটীয়াপাৰা গাঁৱৰ বাট-পথ সমুহ ছেনিটাইজেশ্যন কৰে। ইপিনে কোকৰাঝাৰ জিলাত সৰ্বমুঠ ২৬০০ লোক কোৱাৰেণ্টাইনত আছে বুলি সদৰি কৰিছে জিলা তত্বাৱধায়ক বিষয়া ডঃ অমল মুছাহাৰীয়ে। ইয়াৰে ২০৩৪ জন ব্যক্তি হ'ম কোৱাৰেণ্টাইন আৰু বাকী ৫৬৬ গৰাকী ব্যাক্তি জিলাখনত নিৰ্মাণ কৰা ৬ টা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে বুলি মন্তব্য কৰি বৰ্তমানলৈকে কোৰোনা পজিটিভ ৰোগী পোৱা হোৱা নাই বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলা তত্বাৱধায়ক বিষয়া তথা চিকিৎসক অমল মুছাহাৰীয়ে।