মুখ্য-পৃষ্ঠা

জানেনে আপুনি! স্থল, নৌ আৰু বায়ু সেনা বাহিনীৰ চেল্যুট দিয়াৰ ভংগীমা কিয় পৃথক…সবিশেষ

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সমগ্ৰ দেশে উলহ মালহেৰে উদযাপন কৰিলে ৭৩ সংখ্যক স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনতাক সম্বোধন কৰি আগবঢ়ালে প্ৰায় ৯২ মিনিটৰ ভাষণ। ভাষণৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে সম্ভাষণ জনালে দেশৰ ৩ সেনা প্ৰধানক।

দেশৰ ৩ সেনা বাহিনী- স্থল, নৌ আৰু বায়ু। কিন্তু এটা কথা ভালকৈ লক্ষ্য কৰিলে দেখা যায যে ৩ সেনা বাহিনীৰ ভিতৰত প্ৰত্যেক বাহিনীৰে ৰাষ্ট্ৰীয় পতাকাক চেল্যুট দিয়া ভংগিমা পৃথক পৃথক। ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ পাতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চেল্যুট দিছিল ভাৰতীয় নৌ সেনা বাহিনীৰ ভংগিমাৰে।

ভাৰতীয় ৩ সেনা বাহিনীৰ চেল্যুট ভংগীমাৰ সন্দৰ্ভত-

১. স্থল সেনাঃ ভাৰতীয় স্থল সেনা বাহিনীৰ জোৱান সকলে চেল্যুট প্ৰদান কৰে সোঁহাতেৰে। স্থল সেনাই হাতৰ পাঁচতা আঙুলি মেলি চেল্যুট জনায়। পতাকাৰ উপৰিও এনেকৈ তেওলোকে জ্যেষ্ঠ বিষয়া অথবা গণ্যমান্য ব্যক্তি সকলক চেল্যুট প্ৰদান কৰে। এখন হাতেৰে চেল্যুট দিয়াৰ সময়ত অন্যখন হাতত কোনো অস্ত্ৰ-শস্ত্ৰ তেওলোকৰ হাতত নাৰাখে।


ভাৰতীয় স্থল সেনা

২. নৌ সেনাঃ ভাৰতীয় নৌ সেনাৰ জোৱান সকলে চেল্যুট দিয়াৰ সময়ত হাত আৰু মাটিৰ মাজত সৃষ্টি হয় ৯০ ডিগ্ৰী কোণৰ। এনে ভংগীমাৰে চেল্যুট দিয়াৰ কাৰন হল নৌ সেনাৰ জোৱান সকলৰ কৰ্তব্যৰত সময়ত বিভিন্ন কাম-কাজত লেতেৰা হোৱা হাত যাতে লুকুৱাই ৰাখিব পাৰে।


ভাৰতীয় নৌ সেনা

৩. বায়ু সেনাঃ ভাৰতীয় বায়ু সেনাই ২০০৬ চনত চেল্যুট দিয়াৰ নতুন ভংগিমা নিৰ্ধাৰণ কৰিছিল। বায়ু সেনাৰ জোৱানে চেল্যুট দিয়াৰ সময়ত হাত আৰু মাটিৰ মাজত সৃষ্টি হয় ৪৫ ডিগ্ৰী কোণৰ। ২০০৬ চনৰ পূৰ্বে ভাৰতীয় বায়ু সেনাৰ চেল্যুট দিয়াৰ ভংগীমা স্থল সেনাৰ দৰেই আছিল।


ভাৰতীয় বায়ু সেনা