মুখ্য-পৃষ্ঠা

সন্মুখত স্বাধীনতা দিৱসঃ হাজাৰ-হাজাৰ তিনিবৰণীয়া সাজি বিপনীত মুকলি খাদী বৰ্ডৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমাগত দেশৰ ৭৭তম স্বাধীনতা দিৱস। ১৫ আগষ্টত সমগ্ৰ দেশত এই দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী। বজাৰত উপলব্ধ হৈছে তিনিবৰণীয়া জাতীয় পতাকা। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছিল অসম খাদী বৰ্ডৰ।

দিনে নিশাই খাদী বৰ্ডৰ কৰ্মচাৰীয়ে ব্যস্ততাৰে জাতীয় পতাকা সাজি ইতিমধ্যেই মুকলি কৰি দিছে খাদী বিপনীত। খাদী বৰ্ডৰ কতৃপক্ষই জনোৱা মতে ৭৭তম স্বাধীনতা দিৱস উপলক্ষ্যে বিগত গণৰাজ্য দিৱসৰ পূৰ্বেই নিৰ্ধাৰিত কৰা অনুসৰি প্ৰায় ৮০০০খন জাতীয় পতাকা সাজি তেওঁলোকৰ বিপনীসূহত মুকলি কৰি দিছে। ২০খন খাদী বৰ্ডৰ ১৯ খাদী বৰ্ডেইসমূহ পতাকা বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বাবে নিৰ্ধাৰণ কৰি সাজি উলিয়াইছে।

ইয়াৰ পূৰ্বেও গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিছ বৰ্ডে জাতীয় পতাকা তৈয়াৰ কৰি চৰকাৰী কাৰ্যালয়সমূহত যোগান ধৰাৰ লগতে বজাৰত বিভিন্ন দৰত বিক্ৰী কৰাৰ পৰিলক্ষিত হয়।

স্বাধীন ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা খাদী বৰ্ডে এই বৰ্ষত ৬x৪ জোখৰ পতাকা ৭৬০ টকা, ৩x৪.৫ জোখৰ পতাকা ৫৬০ টকা, ২x৩ জোখৰ পতাকা ৩০০ টকা, ১.৫x২.১৪ জোখৰ পতাকা ২২০ টকা দৰত বিক্ৰীৰ বাবে মুকলি কৰাৰ উপৰিও অৰ্ডাৰ মৰ্মে আন জোখৰ জাতীয় পতাকাও বিক্ৰী কৰিছে।