মুখ্য-পৃষ্ঠা

কেৰেলাত ভুমিস্খলনত নিহত পাঁচ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৰেলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত কেৰেলাৰ ইড্ডুকি জিলাত সংঘটিত হৈছে এই ভূমিস্খলন।

জিলাখনৰ ৰাজমলা অঞ্চলত হোৱা ভুমিস্খলনৰ ফলত ইতিমধ্যে পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে বুলি চৰকাৰী সুত্ৰত জানিব পৰা গৈছে।

ঘটনাস্থলীত ইতিমধ্যে বনকৰ্মী আৰু জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকল উপস্থিত হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কেৰেলাৰ ইড্ডুকি, ৱায়নাড আৰু কোঝিকোড জিলাক ৰেড এলাৰ্ট ঘোষণা কৰিছে।