মুখ্য-পৃষ্ঠা

কেৰেলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ পৰা উদ্ধাৰ হৈছে ব্লেক বক্স…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৰেলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ পৰা উদ্ধাৰ হৈছে ব্লেক বক্স। ডি জি চি এৰ বিষয়াসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেক বক্সটো।

সুত্ৰত প্ৰকাশ পোৱা অনুসৰি বিমানখনৰ ডিজিটেল ফ্লাইট ডাটা ৰেকৰ্ডাৰটোও উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে শুকুৰবাৰে নিশা ৰান ৱে'ত অৱতৰণ কৰা মুহুৰ্তত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন।