মুখ্য-পৃষ্ঠা

কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৰালাৰ শুকুৰবাৰে নিশা দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বিমান। এয়াৰ ইণ্ডিয়াৰ বিমানখন ডুবাইৰ পৰা কোজিকোডেলৈ উৰা মাৰিছিল যদিও অৱতৰণ কৰাৰ পূৰ্বেই এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, এই বিমানখনত আছিল প্ৰায় ১৯০জন যাত্ৰী। এই দুৰ্ঘটনাত বিমানখন দুটুকুৰা হৈ পৰে। ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তথা এনডিআৰএফ বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী।

উল্লেখ্য যে, এই দুৰ্ঘটনাত বিমানখনৰ এজন বৈমানিকসহ দুজন লোকৰ মৃত্যু হৈছে। তদুপৰি প্ৰায় ৩৫জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। উদ্ধাৰ কৰা যাত্ৰীসকলক ইতিমধ্যে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।