মুখ্য-পৃষ্ঠা

আজি কাতি বিহুঃ পুৱাই বটদ্ৰৱাৰ ৰাইদঙীয়াত কণকণ শিশুসকলে তুলসী তল সজাই কৰিছে প্ৰস্তুতি…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু। সমগ্ৰ বিশ্ব, দেশ তথা ৰাজ্যত কৰোনাৰ বিভিষীকাময় পৰিবেশ। তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে।

তাৰ মাজতে আজি অসমীয়া গঞা ৰাইজে নিজৰ কৃষ্টি সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰিছে কাতি বিহু। নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন গাঁৱৰ লগতে ৰাইদঙীয়াটো ঘৰে ঘৰে উদযাপনৰ প্ৰস্তুতি চলিছে। পুৱাই কণকণ শিশু সকলে তুলসী তল শেৱালি ফুলৰে সজাই প্ৰস্তুতি চলাইছে।

সন্ধিয়া এই তুলসী তলত নাম কীৰ্তন কৰি বিহু উদযাপন কৰা হব। জেষ্ঠজনেও ৰাজ্যত চলি থকা ভয়াৱহ পৰিস্থিতিৰ পৰিত্ৰাণ হোৱাৰ কামনা কৰাৰ লগতে কণকণ শিশুৰ আশীৰ্বাদে দুৰ্গতিনাশ হোৱাৰ কামনা কৰিছে।