kati bihu
kati bihu 
মুখ্য-পৃষ্ঠা

ফুলগুৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী চেংলাই সত্ৰত কাতি বিহু উৎযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ ফুলগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ঐতিহাসিক শ্ৰী শ্ৰী চেংলাই সত্ৰত মঙলবাৰে পৰম্পৰাগত ভাৱে সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে কাতি বিহু আৰু আকাশ বন্তি প্ৰজলন কৰে ৷

উল্লেখ্য যে, দামোদৰ দেৱৰ আজ্ঞাবাহি আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজ অনুগ্ৰহত প্ৰতিষ্ঠা হোৱা ব্ৰহ্মসংহাৰত শ্ৰী শ্ৰী চেংলাই সত্ৰত পৰম্পৰাগতভাৱে কাতি বিহু উৎযাপন কৰে ৷ সত্ৰীয়া ভকত-বৈষ্ণৱৰে আকাশ বন্তি প্ৰজ্বলনৰ কৰে ৷

অনুষ্ঠানত সত্ৰাধিকাৰ জগত চন্দ্ৰ গোস্বামীদেৱে সত্ৰৰ ইতিবৃত্তি চমুকৈ ব্যাখ্যা কৰি কয় যে, আদিতে এই সত্ৰখন মাজুলীত অৱস্থিত আছিল ৷ পৰৱৰ্তী সময়ত ৰজাৰ আদেশত নগাঁও জিলাৰ জখলাবন্ধালৈ স্থানান্তৰিত হয় ৷

তাৰ পাছত মানৰ অসম আক্ৰমণৰ সময়ত সত্ৰখন বেবেজীয়া সমীপৰ ফুলগুৰিত প্ৰতিষ্ঠা কৰে ৷ বৰ্তমান নগাঁও জিলাৰ যিকেইখন সত্ৰই কাতি মাহত আকাশ বন্তি প্ৰজ্বলন কৰে তাৰ ভিতৰত ফুলগুৰিস্থিত শ্ৰী শ্ৰী চেংলাই সত্ৰও অন্যতম ৷

আজিৰ এই অনুষ্ঠানত সত্ৰীয়া তথা শিক্ষাবিদ মহেশ্বৰ গোস্বামী, সমাজকৰ্মী পদ্ম গোস্বামী,ড০ প্ৰদুম্ন্য গোস্বামী,জয়ন্ত গোস্বামী,সত্ৰৰ হাতী মতা অৰুণ ফুকন,মনুৰাম ফুকন,প্ৰদীপ হীৰা,ৰন্তেশ্বৰ বৰদলৈ , দৈনিক অসম ৰ কাকতৰ উপ সম্পাদক হীৰেন শৰ্মা, সমাজকৰ্মী বসন্ত শৰ্মা প্ৰমুখ্যে কৰি সত্ৰৰ আন আন ভকত-বৈষ্ণৱ সকল উপস্থিত থাকে ৷