KATI BIHU
KATI BIHU 
মুখ্য-পৃষ্ঠা

ধেমাজি কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু। সমগ্ৰ অসমৰ লগতে ধেমাজি জিলা কৃষি বিভাগৰ উদ্যোগত জীয়াঢল পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত কাতি বিহু ও কৃষক সকলক বিভিন্ন আঁচনিৰ সম্পৰ্কত এক সজাগতামূলক সভা অনুষ্ঠিত কৰে ৷

সমবেত সংগীতেৰে শুভাৰম্ভণী হোৱা সভাত জিলা কৃষি বিষয়া চিৰঞ্জীৱ শৰ্মাই কৃষক সকলক কাতি বিহুৰ শুভেচ্ছা জনাই বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পাছতে চৰকাৰী উন্নয়নমূলক আঁচনি সমূহৰ ওপৰত ব্যক্তব্য প্ৰদান কৰে কৃষি উন্নয়ন বিষয়া মানস জ্যোতি বৰাই।

KATI BIHU

সভাত কৃষক ৰাইজে বিভিন্ন আঁচনিসমূহৰ পৰা কেনেকৈ লাভম্বিত হ'ব পাৰি তাৰ বিষয়ে আলোচনা কৰে। কৃষক ৰাইজৰ মাজত সত্ৰীয়ানৃত্য, দিহানাম আদি অনুষ্ঠান প্রদর্শন কৰাৰ লগতে হিতাধিকাৰী সকলৰ কৃষি উপযোগী সামগ্ৰী প্ৰদান কৰে।

শেষত সন্ধিয়া গপাক পথাৰত ১০০ গছি আকাশ বন্তি প্ৰজ্বলন কৰে। জিলা আঁচনি বিষয়া হেমাঙ্গ কাশ্যপে আঁত ধৰা অনুষ্ঠাটোত উপস্থিত থাকে জিলা সহকাৰী কৃষি সঞ্চালক নৰনাথ পেগু, মহকুমা কৃষি বিষয়া ভৱজিৎ দলে, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া টুশিল চুতিয়া, সহকাৰী অভিযন্তা চাৰু কুমাৰ পগাগ, জীয়াঢল গাঁও পঞ্চায়তৰ সভানেত্ৰী ডিম্বেশ্বৰী দলে, জিলা কৃষি মৰ্চাৰ সম্পাদিকা অনামিকা দলে, বিষয়বস্তু বিশেষজ্ঞ অভিলাষা কৌশিক বৰঠাকুৰ আদি গন্য মান্য ব্যক্তি সকল।