মুখ্য-পৃষ্ঠা

ৰাজাজী হলৰ পৰা মেৰিনা বীচ্ছলৈ কৰুণানিধিৰ অন্তিম যাত্ৰা আৰম্ভ

asomiyapratidin

ডিজিটেল ডেস্কঃ এম কৰুণানিধিৰ শেষ বিদায় জনাবলৈ উঠি আহিল যেন সমগ্ৰ তামিলনাডু। ৰাজাজী হলৰ চৌপাশে কেৱল তেতিয়া সকলোৰে মুখত কৰুণানিধিৰ নাম। প্ৰিয় নেতাজনক হেৰুৱাৰ দুখত ম্ৰিয়মাণ হৈ পৰা অনুগ্ৰামীসকলে কোনো কথাই শুনিব নিবিচাৰে। তেওঁলোকক লাগে কেৱল মৰমৰ নেতাজনক এবাৰ চাবলৈ।

আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বাধা নেওচি সকলোৱে যাব খুজে কৰুণানিধিৰ কফিনৰ কাষলৈ। বাধা দিলেই আৰক্ষীৰ সৈতে হৈছে সংঘাত। সেয়া এজন দুজন মানুহৰ আচৰণ নাছিল। আৱেলি ২ বজালৈকে ৰাজাজী হলৰ চৌপাশে উপস্থিত হোৱা লোকৰ সংখ্যাই ৩লাখ অতিক্ৰম কৰিছিল। কেৱল সাধাৰণ লোকেই নহয়, দেশৰ প্ৰান্তৰ ভিভিআইপি সকলো আহিছিল কৰুণানিধিক শেষ বিদায় জনাবলৈ।

পুৱাই আহি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰুণানিধিৰ নশ্বৰদেহক ফুলৰ থোপা অৰ্পণ কৰি বিদায় দিলে ভাৰতীয় ৰাজনীতিত বিশেষ ভূমিকা আৰু প্ৰভাৱ বিস্তাৰ কৰা এই নেতাজনক। দৌৰি আহিছিল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী।

যিসকলে আহিব পৰা নাই তেওঁলোকে প্ৰেৰণ কৰিছিল শোকবাৰ্তা। হাজাৰ হাজাৰ শোকবাৰ্তাৰ মাজত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ছোনিয়া গান্ধী, মলিকাৰ্জুন খৰ্গে আদিৰ দৰে নেতাই শোকসন্তপ্ত পৰিয়াললৈ জনোৱা সমবেদনা। মমতা বেনাৰ্জী, কেৰালাৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল সকলোৱে সোশৰীৰে গৈ কৰুণানিধিক শেষ বাৰৰ বাবে দৰ্শন দিছিল।

ৰাজাজী হলত থকা কৰুণানিধিৰ নশ্বৰদেহৰ চৌপাশে সমবেত হোৱা মানুহবোৰক নিয়ন্ত্ৰণ কৰিবলৈ মাতি অনা হৈছিল সেনা। তাৰ মাজতেই দুপৰীয়া প্ৰায় ২ বজাত হেচা-ঠেলাত পদপিস্থ হৈ মৃত্যু হ'ল দুজন লোকৰ। আৰক্ষীৰ কনিষ্টবলকে ধৰি ৩৮জন লোক আহত হৈছিল এই ঘটনাত। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰিবলগা হৈছে।

কোনোবাই যদি চুলি খুৰাই শোক ব্যক্ত কৰিছে, আন কোনোৱে আকৌ পথৰ মাজতেই বহি হুকহুকাই কান্দিছে। অভাৱনীয় দুখৰ লহৰত বুৰ গৈছে সমগ্ৰ তামিলনাডু। তাৰ মাজতেই ক'ত সমাধিস্থ কৰা হ'ব তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছিল । মেৰিণা বিচ্ছত কৰুণানিধিক সমাধি দিবলৈ এ আই ডি এম কে চৰকাৰে অনুমতি নিদিয়াত নিশাই ডি এম কেৰ কাষ চাপিছিল মাদ্ৰাছ উচ্চ ন্যায়ালয়।

নিশা শুনানিৰ অন্তত পুৱাৰ ভাগতেই মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কৰুণানিধিক মেৰিণা বিচ্ছত সমাধি দিবলৈ ৰায় দিয়াৰ পাছতেই দুখৰ মাজতো সস্তিৰ নিশ্বাস এৰিছিল পুত্ৰ ষ্টেলিনে। এই খবৰ অহাৰ পাছতেই ধৰি ৰাখিব পৰা নাছিল আৱেগ। হুকহুকাই ষ্টেলিনে কন্দা দৃশ্য বন্দী হৈছিল কেমেৰাত।

কেৱল ষ্টেলিনেই নহয়, উচুপি উঠিছিল ডি এম কেৰ আন নেতাসকলেও। আৱেলি ৪ বজাত আৰম্ভ হয় এম কৰুণানিধিৰ অন্তিম যাত্ৰা। ৰাজাজী হলৰ পৰা এখন ফুলেৰে সুসজ্জিত বাহনত তেওঁৰ নশ্বৰ দেহ লৈ ৱালিয়াহ ৰোড হৈ আন্না স্কোৱাৰলৈ আগবাঢ়ি অগণন গুণমুগ্ধ। এই ৩ কিঃমিঃ পথচোৱাত সৃষ্টি হৈছে বিৰদি বাট নোপোৱা অৱস্থা। মেৰিনা বীচ্ছতো সেই একেই পৰিৱেশ।