মুখ্য-পৃষ্ঠা

কংগ্ৰেছ-জেডিএছৰ চৰকাৰ ভংগ হোৱাটো নিশ্চিতঃ বিএছ য়েদেয়ুৰাপ্পা

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিৰ্ণয় হ'ব কৰ্ণাটক চৰকাৰৰ ভাগ্য। কিছু সময় পিছতে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ'ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামী। চৰকাৰ আস্থা ভোটত অৱতীৰ্ণ হোৱাৰ সময়ত যাতে বিধানসভাৰ বাহিৰত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিছে প্ৰশাসনে। বিধানসভাৰ বাহিৰত যাতে মানুহে জুম বান্ধিব নোৱাৰে, তাৰ বাবে অধিক নিৰাপত্তাৰক্ষী আৰু আৰক্ষী মোতায়েন কৰা হৈছে। বিধানসভাৰ ২ কিলোমিটাৰ পৰ্যন্ত এলেকাজুৰি জাৰি কৰা হৈছে ১৪৪ ধাৰা।

ইয়াৰ মাজতে বিজেপিৰ প্ৰদেশ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাৰ নেতৃত্বত বিধানসভাত উপস্থিত হৈছে বিজেপি বিধায়কসকল। কংগ্ৰেছ নেতা সিদ্ধাৰামায়াৰ লগতে অন্যান্য কংগ্ৰেছ বিধায়ক আৰু মুখ্যমন্ত্ৰী কুমাৰস্বামীও বিধানসভাত উপস্থিত হৈছে।

ইফালে বিজেপি নেতা বি এছ য়েদেয়ুৰাপ্পাই কংগ্ৰেছ আৰু জেডিএছ মিত্ৰজোঁটৰ চৰকাৰ আস্থা ভোটত পৰাজিত হোৱাটো নিশ্চিত বুলি দাবী কৰিছে।

বি এছ য়েদেয়ুৰাপ্পাই কয়, 'এতিয়া কংগ্ৰেছ আৰু জেডিএছ চৰকাৰৰ বিধায়কৰ সংখ্যা ১০০ জনৰো কম হৈ পৰিছে। তাৰ বিপৰীতে আমাৰ বিধায়কৰ সংখ্যা হৈছে ১০৫ গৰাকী। গতিকে এই চৰকাৰ ভংগ হোৱাটো নিশ্চিত।'

অন্যহাতে এক সূত্ৰৰ খবৰ অনুসৰি আস্থা ভোটৰ সময়ত বিধানসভাত উপস্থিত নাথাকে কংগ্ৰেছ-জেডিএছৰ বিসম্বাদী বিধায়কসকল। যদি তেনে হয়, তেন্তে আস্থা ভোটত বৃহস্পতিবাৰে বিধানসভাত কুমাৰস্বামী নেতৃত্বাধীন চৰকাৰ ভংগ হোৱাটো নিশ্চিত বুলি অনুমান কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে।