মুখ্য-পৃষ্ঠা

মল্লযুঁজ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বেলুন বিস্ফোৰণ, আহত ৩জন, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে কৰ্ণাটকত অঘটন। ৰাজ্যখনৰ মাইছুৰুৰ ছুট্টুৰ মুত্তত মঙলবাৰে অনুষ্ঠিত কৰা হয় মল্লযুঁজ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানত বহু কেইজন লোক উপস্থিত থাকে। কিন্তু হঠাৎ সংঘটিত হয় এই অঘটন।

মঙলবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটিত হিলিয়ামভৰ্তি বেলুনত সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণৰ ফলত বেলুন কেইটাৰ কাষতে থকা তিনিজনকৈ লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ উপস্থিত লোকৰ সহায়ত লৈ যোৱা হয় চিকিৎসালয়লৈ।