karendra basumatry
karendra basumatry  
মুখ্য-পৃষ্ঠা

বড়ো জনগোষ্ঠীৰ হিয়াৰ আমঠু স্বৰূপ কৰেন্দ্ৰ বসুমতাৰীৰ আধ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিব এবছুৱে...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বডোফাৰ নেতৃত্বত চলা সুকীয়া বড়োলেণ্ড ৰাজ্য সংগ্ৰামত মুখ্য ভুমিকা গ্ৰহণ কৰা বিশিষ্ট নেতা, বড়ো জনগোষ্ঠীটোক আগুৱাই নিব বিচৰা, বড়ো জনগোষ্ঠীটোক সদায়ে ভাল পোৱা, সাংস্কৃতিক ভাল পোৱা, লেখক, খেলুৱৈ, অভিনেতা, গীতিকাৰ , নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি , বি পি এ চিৰ প্ৰাক্তন অধ্যক্ষ, পানেৰী আৰু মাজবাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা পানেৰী আৰু মাজবাট বিধানসভা সমষ্টিৰ হিয়াৰ আমঠু কৰেন্দ্ৰ বসুমতাৰীয়ে যোৱা ৩ অক্টোবৰত এই সংসাৰ এৰি যায় ।

সেইহে তেওঁৰ আত্মাৰ সতগতিৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অহা ১০ নৱেম্বৰত ওদালগুৰি জিলাৰ ৰৌতাত অবস্থিত জেবি হাগজেৰ হাইস্কুলৰ প্ৰাঙ্গনত ৰাজহুৱা আধ্যশ্ৰাদ্ধৰ আয়োজন কৰিছে বুলি এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে জনাইছে। তেওঁ জানিবলৈ দিয়া মতে সেইদিনাৰ আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভাত ১০ হাজাৰ পৰা ১৫ হাজাৰ অতিথিক আমন্ত্ৰণ জনাব। সেইহে উক্ত আদ্যশ্ৰাদ্ধত উপস্থিত হৈ জনপ্ৰিয় নেতাজনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে আহ্বান জনাইছে।