মুখ্য-পৃষ্ঠা

নেৰানেপেৰা বৰষুণ, ক্ৰমান্বয়ে বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ…

asomiyapratidin

ডিজিটে সংবাদ, বৈঠালাংছঃবিগত তিনিদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ । হাতীডুবিস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ শ্লুইচ গ্যেট ইতিমধ্যে খুলি দিছে বুলি জনাইছে বিদ্যুৎ বিভাগে ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো বিগত তিনিদিন ধৰি অব্যাহত আছে প্ৰৱল বৰষুণ । বিশেষকৈ জিলাখন পশ্চিমাঞ্চলৰ পাহাৰীয়া এলেকাত প্ৰৱল বৰষুণ হোৱাৰ ফলত বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ ।

ইফালে হাতীডুবিত অৱস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধৰ ওপৰ অংশত জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত নদীবান্ধৰ চাৰিখন শ্লুইচ গ্যেট খুলি দিয়া হৈছে বুলি সংশ্লিষ্ট বিভাগে জানিব দিয়ে । কাৰ্বি লাংপি নদীৰ বাঢ়নী পানীয়ে বৈঠালাংছʼ – আমডুবি সংযোগী গড়কাপ্তানী পথটো বুৰাই পেলাইছে ।

ইয়াৰ লগতে নদীৰ কাষৰ কেইবাখনো গাঁও ইতিমধ্যে প্লাৱিত হৈছে । জিলাখনত এতিয়াও প্ৰৱল বৰষুণ অব্যাহত থকাৰ ফলত প্ৰতিটো মুহূৰ্ত্তত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ব্যাপক শংকাত ভূগিছে নৈপৰীয়া ৰাইজ । ইয়াৰ পৰিপ্ৰেক্ষিতত নদীৰ কাষৰীয়া অঞ্চলৰ জনসাধাৰণক সষ্টম হৈ থাকিবলৈ প্ৰশাসনে।