কমতাপুৰ ফুটবল টুৰ্ণামেন্ট-২০২২
কমতাপুৰ ফুটবল টুৰ্ণামেন্ট-২০২২ 
মুখ্য-পৃষ্ঠা

কমতাপুৰ ফুটবল টুৰ্ণামেন্ট-২০২২ৰ চেম্পিয়ন মাজগাঁও এফ চি...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰীৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা কমতাপুৰ ফুটবল টুৰ্ণামেণ্টৰ বঙাইগাঁও মাজগাঁও এফচি আৰু কোকৰাঝাৰ বেলগুৰি এফচিৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ চূড়ান্তখেলখন। এই খেলখনত ২-০ গ'লত মাজগাঁও এফচিয়ে বিজয় লাভ কৰে ।

উল্লেখ্য যে, যোৱা ১৮ অক্টোবৰত পোন-প্ৰথমবাৰৰ বাবে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 'কমতাপুৰ ফুটবল টুৰ্ণামেন্ট২০২২' অনুষ্ঠিত কৰা হয়। প্ৰথম খেলখনৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য গোকুল বৰ্মণে।

আজি অনুষ্ঠিত হৈযোৱা চূড়ান্ত খেলখনত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য গোকুল বৰ্মণ, অধ্যক্ষ হিতেশ্বৰ বৰ্মন, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য যথাক্ৰমে সুধীৰ চন্দ্র ৰায় , জীৱেশ ৰায়, সমবায় বিভাগৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় লগতে অন্যান্য কাৰ্যবাহী পাৰিষদ, সাধাৰণ সদস্যসকলৰ লগতে বৃহত্তৰ শালকোচা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।