Raash Committee
Raash Committee 
মুখ্য-পৃষ্ঠা

কমলাবাৰীত ৩৪৯ বছৰীয়া পৰম্পৰাৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱ উদযাপনৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ,কমলাবাৰীঃ বিগত বৰ্ষ সমূহৰ দৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ উদ্যোগত ৩৪৯ বছৰীয়া পৰম্পৰাৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱ ২০২২ উদযাপনৰ বাবে আয়োজক সমিতিয়ে ব্যাপক আয়োজন কৰিছে । উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ সভাপতিত্বত শংকৰদেৱ কৃষ্টি সংঘৰ প্ৰক্ষাগৃহত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক মুখ্য উপদেষ্টা হিচাপে লৈ ৬০ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে । সভাপতি হিচাপে বাচাৰাম বৰুৱা সম্পাদক হিচাপে তীৰ্থ ভূঞা বৰগায়নক ৰাইজে পুনৰ নিৰ্বাচিত কৰে ।

অহা ৭,৮ আৰু ৯ নবেম্বৰ ২০২২ত ৩ দিনীয়াকৈ "কমলাকান্ত আতা" ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ-২০২২। শংকৰদেৱৰ অমৰ সৃষ্টি 'কেলিগোপাল' নাটৰ আধাৰত বজ্ৰাৱলী সংলাপ অলংকৃত কৰি নতুন কাৰিকৰী কৌশল ব্যৱহাৰ কৰি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰশাসনৰ সকলো নীতি -নিৰ্দেশনা মানি লোৱাৰ লগতে সমিতিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰি সৰ্তকতা অৱলম্বন কৰিব বুলি সভাত উল্লেখ কৰে। উক্ত সভাত স্বাস্থ্যৰ দিশটো অধিক গুৰুত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লয় যাৰ বাবে অনুষ্ঠানৰ কেইদিনত ২ খন জৰুৰীকালীন এম্বুলেন্স সেৱাৰ ব্যৱস্থাৰ লগতে স্বৰ্গৰথ,চিকিৎসক, স্বাস্থ্যকৰ্মী উপস্থিত থাকিব ।

উল্লেখ্য যে, ৰাসোৎসৱলৈ অহা দৰ্শনাৰ্থীৰ বাবে অন্ন-প্ৰসাদৰ ব্যৱস্থা থাকিব। ৫০ সহস্ৰাধিক দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া অন্ন -প্ৰসাদৰ বিপৰীতে ৮ শতাধিক লোকৰ বাবে নিৱাসৰ ব্যৱস্থা থাকিব। প্ৰায় ৩ হাজাৰ দৰ্শকে প্ৰৱেশপত্ৰ বিহীনভাৱে ৰাসোৎসৱ শ্ৰৱন আৰু দৰ্শন কৰিব পাৰিব বুলি উদ্যোগক্তা সকলে জানিবলৈ দিয়ে।

উদযাপন সমিতিয়ে সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় -সহযোগ তথা গঠনমূলক দিহা -পৰামৰ্শ একান্তই কামনা কৰাৰ লগতে সাদৰে নিমন্ত্ৰণ জনায়।