মুখ্য-পৃষ্ঠা

মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰিয়েই কৃষকৰ ঋণ ৰেহাইৰ ফাইলত চহী মুখ্যমন্ত্ৰী কমল নাথৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত চৰকাৰ গঠনৰ পিছতেই ৰাজ্যখনৰ জনসাধৰণক প্ৰদান কৰা প্ৰথম প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছে৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ৰাজ্যখনৰ কৃষক সকলৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰে৷ লগতে তেওঁ এই কৃষকৰ ঋণ ৰেহাইৰ ফাইলত হস্তাক্ষৰ কৰি প্ৰতিশ্ৰুতি পূৰণ কৰে৷

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে কৃষকৰ সমস্যাটোকে নিৰ্বাচনী ইছ্যু হিচাপে গ্ৰহণ কৰিছিল৷ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই কৃষকৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ এই প্ৰতিশ্ৰুতিয়ে ৰাজ্যবাসীৰ মনত অশাৰ সঞ্চাৰ কৰিছিল৷ ইয়ে ৰাজ্যখনত কংগ্ৰেছৰ উত্থানতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷

ইফালে সোমবাৰে শপত গ্ৰহণৰ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী কমল নাথে কৃষকৰ ঋণ ৰেহাই সম্বন্ধীয় পাইলত চহী কৰে৷ চৰকাৰৰ এই সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ ঋণগ্ৰস্ত কৃষকৰ ২ লাখ পৰ্যন্ত ঋণ ৰেহাই দিয়া হৈছে৷