মুখ্য-পৃষ্ঠা

কোনটো আৰু কেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল বিজেপি চৰকাৰেঃ প্ৰশ্ন মুখ্যমন্ত্ৰী কমলনাথৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন উত্থাপন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথে বৃহস্পতিবাৰে কয় যে মোডী চৰকাৰে কেৱল ৰাষ্ট্ৰবাদৰ কথাহে কব জানে। মোডী চৰকাৰে ক'ত আৰু কেতিয়া ছাৰ্জিকেল কৰিছিল, সেই কথা দেশবাসীক মুকলিকৈ অৱগত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৃহস্পতিবাৰে চিণ্ডৱাড়াৰ আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী কমলনাথে কয়, 'বিজেপিয়ে পাকিস্তানৰ কথা কয়। কিন্তু তেওঁলোকে সেই কথাত গুৰুত্ব নিদিয়ে যে ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়তে ৯০ হাজাৰ পাকিস্তানী সেনাই সমৰ্পণ কৰিছিল। তেওঁলোকে সেই কথা নকয়, কয় কেৱল ৰাষ্ট্ৰবাদৰ কথা। তেওঁলোকে কোনটো আৰু কেতিয়া ছাৰ্জিকেল কৰিছে, সেয়া দেশবাসীক মুকলিকৈ কওঁক।'

আনহাতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ কৰি কমলনাথে কয়, 'শিৱৰাজ সিং চৌহানে কেৱল শ্ৰেয় লোৱাৰ ৰাজনীতিহে কৰিব জানে। তেওঁৰ হাততকৈ মুখহে বেছিকৈ চলে। তেওঁৰ চৰকাৰত ৰাজ্যৰ কিমান উন্নয়ন হৈছিল, সেয়া ৰাজ্যবাসীয়ে দেখিছে, জানিছে।'