মুখ্য-পৃষ্ঠা

সংকটত মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সংকটত মধ্য প্ৰদেশৰ কমলনাথ চৰকাৰ। কেইটামান দিনৰ পূৰ্বে কমলনাথ নেতৃত্বাধীন চৰকাৰৰ ওপৰত অসন্তুষ্ট হৈ ৪ গৰাকী বিধায়কে বাংগালুৰুলৈ গুচি যোৱাৰ পাছত সোমবাৰে জ্যোতিদিত্য সিন্ধিয়াৰ সমৰ্থনত থকা ১৫ ৰ পৰা ১৭ জনীয়া এটা বিধায়কৰ দল মধ্যপ্ৰদেশৰ পৰা বাংগালুৰু অভিমুখে ৰাওনা হৈছে। প্ৰাপ্ত খবৰনুসৰি, কমলনাথৰ বিৰুদ্ধে আৰু জ্যোতিদিত্যৰ সমৰ্থনত থকা এই কংগ্ৰেছ বিধায়কসকলে বাংগালুৰুতে কমলনাথ নেতৃত্বাধীন চৰকাৰখনক সংকটত পেলাবৰ ৰণনীতি প্ৰস্তুত কৰিব।

সূত্ৰৰ খবৰনুসৰি, মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ ৬ গৰাকী মন্ত্ৰীৰ সৈতে প্ৰায় ১৭ জনীয়া কংগ্ৰেছ বিধায়কৰ দলটো এখন চাৰ্টাড বিমানেৰে বাংগালুৰু অভিমুখে ৰাওনা হৈছে। ইফালে ৪৯ বছৰীয়া জ্যোতিদিত্য সিন্ধিয়া বৰ্তমান আছে দিল্লীত, কংগ্ৰেছ হাইকামাণ্ডে যুৱনেতাজনৰ সৈতে কিছু আলোচনা অব্যাহত ৰাখিছে যদিও বৰ্তমানৰলৈকে সমাধানৰ সূত্ৰ ওলোৱা নাই।

কংগ্ৰেছ দলৰ মাজতে এনে ক্ষমতাৰ বাবে চলা এনে অৰিয়া-অৰিক লৈ সোমবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথে সাক্ষাৎ কৰে ছোনীয়া গান্ধীক। সাক্ষাতৰ সন্দৰ্ভত সাংবাদিকক কোনো কথা ব্যক্ত কৰা নাই যদিও, তেও কয় যে, মধ্যপ্ৰদেশত সকৱলো ঠিকে আছে চিন্তাৰ কোনো কাৰন নাই।'

উল্লেখ্য যে, মন্ত্ৰীত্বৰ বাবে সংকটৰ সৃষ্টি হোৱা ৰাজ্যখনত বৰ্তমান ২৩০ গৰাকী বিধায়কৰ সংখ্যাৰ হিচাপত মন্ত্ৰীত্ব পাব পাৰে ৩৪ গৰাকী বিধায়কে। মুখ্যমন্ত্ৰী কমলনাথকে ধৰি ৰাজ্যখনত বৰ্তমান মন্ত্ৰীৰ সংখ্যা ২৯ গৰাকী।