কলিতা জনগোষ্ঠীৰ সন্মিলন
কলিতা জনগোষ্ঠীৰ সন্মিলন 
মুখ্য-পৃষ্ঠা

ধূপধৰাৰ আমবাৰীত কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱস...

Asomiya Pratidin

ডিজিটেল সংবাদ,দুধনৈঃ "কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আওঁতালৈ আনিব লাগে "- এই দাবী অসমৰ কলিতা জনগোষ্ঠীৰ । মঙলবাৰে গোৱালপাৰা জিলাৰ ধূপধৰাৰ আমবাৰীত অনুষ্ঠিত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৩৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোণেশ্বৰ কলিতাই এই দাবী উত্থাপন কৰে ।

লগতে প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে বুলিও দাবী উত্থাপন কৰে । অন্যথা নৱেম্বৰ মাহৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি অসম চৰকাৰক হুংকাৰ দিয়ে ।

আজি পুৱা ১০ বজাত পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ অংশ ৰূপে স্মৃতি তৰ্পণ, গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত দিনৰ ১২ বজাত ড০সোণেশ্বৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভা উদ্বোধন কৰে কলিতা জনগোষ্ঠীৰ মুখ্য উপদেষ্টা অৰবিন্দ কলিতাই ।

সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মাধুৰ্য মণ্ডিত বৰুৱা । আনহাতে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা । তদুপৰি সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ববীয়া সকল উপস্থিত থাকে । উক্ত সভাত "আমি কলিতা "নামেৰে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে ।