মুখ্য-পৃষ্ঠা

কলগাছিয়াত শিক্ষকৰ যৌন নিৰ্যাতন বলি হ’ল ছাত্ৰী! ৰঙা ঘৰত অভিযুক্ত শিক্ষক…

asomiyapratidin

ডিজিটেল সংবাদ, মইনবড়িঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ সমীপৰ এখন বিদ্যালয়ত কৰ্তব্যৰত শিক্ষক এজনে নিজ বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হোৱাত সমগ্ৰ অঞ্চলব্যপী চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাপ্ত অভিযোগ মতে, শিক্ষক আন্নিচুৰ ৰহমান আজাদ নামৰ শিক্ষক জনে দীৰ্ঘদিন ধৰি নিজ বিদ্যালয়ৰ একাধিক ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ গুনিয়ালগুৰি এম ই মাদ্ৰাছৰ অসাধু শিক্ষক আনিচুৰ ৰহমান আজাদে শিক্ষকজনে সংঘটিত কৰিছে এনে লজ্জাজনক ঘটনা।

লম্পট শিক্ষকজনৰ যৌন নিৰ্যাতন সহ্য কৰিব নোৱাৰি বহু কেইগৰাকী ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰাৰ অভিযোগ কৰিছে ছাত্ৰী সকলৰ অভিভাৱক সকলে । মানৱ সম্পদ গঢ়াৰ কাৰিকৰ স্বৰূপ শিক্ষকৰ দ্বাৰা ছাত্ৰীক যৌন নিৰ্যাতনৰ এক লজ্জাজনক ঘটনা পোহৰলৈ অহাত লজ্জানত হৈছে শিক্ষক সমাজ।

ঘটনাৰ বিৱৰণী মতে উক্ত মাদ্ৰাছাখনৰ লম্পট শিক্ষক আনিচুৰ ৰহমান আজাদে দীৰ্ঘ দিনৰ পৰাই চলাই আহিছে ছাত্ৰী সকলক যৌন নিৰ্যাতন কিন্ত লজ্জা আৰু ভয়ৰ কাৰণে ভূক্তভোগী ছাত্ৰী সকলে উক্ত কাণ্ড প্ৰকাশ কৰা নাছিল যদিও এগৰাকী সচেতন অভিভাৱকৰ ততপৰতাত আজি পোহৰলৈ আহে উক্ত ঘৃণনীয় ঘটনা।

অভিভাৱক গৰাকীয়ে সাংবাদিকক অৱগত কৰাৰ পাছত দহ গৰাকীৰো অধিক ছাত্ৰীয়ে শিক্ষক আনিচুৰৰ অপকৰ্মৰ বিৰুদ্ধে সংকোচ বিহীন ভাৱে ফাদিল কৰে যৌন নিৰ্যাতনৰ ঘটনা। শিক্ষকজনৰ এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ইতিমধ্যে বহু কেইগৰাকী ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰাৰ অভিযোগ উঠিছে। তাতোতকৈ ঘৃণনীয় ঘটনাটো হৈছে এগৰাকীযে প্ৰায়েই সুযোগ বুজি ছাত্ৰীক অশ্লীল ভিডিঅ দেখুৱাই বেয়া কাম কৰিবলৈ উদ্যত হোৱাত চিঞৰি পলাই সাৰৰাৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে ছাত্ৰী গৰাকীয়ে।

বৃহস্পতিবাৰে পুৱা তেনে এক নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাত শতাধিক পুৰুষ-মহিলা অভিভাৱক ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে। লম্পট শিক্ষক জনক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

স্থানীয় ৰাইজে ঘটনাৰ তদন্ত সাপেক্ষে লম্পট শিক্ষক আনিচুৰ ৰহমান আজাদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে, চাইল্ড লাইনৰ বৰপেটা জিলাৰ সমন্বয়ক ৰফিকুল ইছলামে চাইল্ড লাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কি ধৰণৰ সহায় গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কে বুজাই কোৱাৰ উপৰি শিক্ষক আনিচুৰ ৰহমানৰ অপকাণ্ডৰ বিৰুদ্ধে ৰাইজক সহায় কৰিব বুলিও প্ৰকাশ কৰে।

ইফালে আৰক্ষী সূত্ৰত জানিব পৰা মতে গুনীয়ালগুৰিৰ অভিভাৱক মিয়া চানে দাখিল কৰা গোচৰৰ ভিত্তিত (৭৭৮/১৯) লম্পত শিক্ষক জনক আটক কৰি আজি জেললৈ প্ৰেৰণ কৰা হৈছে। ৰাইজে নিৰপেক্ষ তদন্তৰে বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। ইফালে শিক্ষক জনে সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছে বুলি জনা গৈছে।