মুখ্য-পৃষ্ঠা

যোৱা ১৯ মাৰ্চত দিল্লীৰ নিজামুদ্দিনৰ পৰা ঘৰলৈ উভতিছিল কাছাৰৰ কোৰোনাত আক্ৰান্ত চাজিবুৰ ৰহমান…

asomiyapratidin

ডিজিটেল সংবাদ,শিলচৰঃ 'এইবাৰ কাছাৰ জিলাত ধৰা পৰিল এজন কোৰোনা আক্ৰান্ত ৰোগী ৷ কোৰোনাত আক্ৰান্ত ৰোগী জনৰ নাম চাজিবুৰ ৰহমান ৷ তেওঁৰ বয়স ৫৭ বছৰ ৷ তেওঁৰ ঘৰ বৰখলা সমষ্টিৰ ৰানিঘাট এলেকাৰ পেলাদহৰ গাৱত ৷

চাজিবুৰ ৰহমান নিজামুদ্দিনৰ মাৰ্কাজত অংশ গ্হন কৰিছিল ৷ তেও যোৱা ১৯ মাৰ্চত দিল্লীৰ পৰা নিজৰ ঘৰলৈ উভতি আহিছিল ৷ জানিব পৰা মতে, চাজিবুৰ ৰহমানক যোৱা ২ এপ্ৰিলত SMCH ত ভৰ্তি কৰা হয় ৷ SMCH ৰ আইছোলেছনত ৰাখি পৰৱৰ্তী সময়ত ৰোগী জনৰ কৰোনাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয় আৰু: শনিবাৰে নিশা তেও কৰোনা আক্ৰান্ত বুলি নিশ্চিত কৰে SMCH কতৃপক্ষই ৷

বিএছএফৰ অৱসৰ প্ৰাপ্ত চাজিবুৰ ৰহমানৰ স্বাস্হ্যৰ অৱস্হা বৰ্তমান সুস্হ আছে বুলি SMC কতৃপক্ষৰ এক সুত্ৰই সদৰী কৰিছে ৷ ইফালে, কাছাৰ জিলাত প্ৰথম গৰাকী কৰনা আক্ৰান্ত ৰোগী ধৰা পৰাত বেছ সতৰ্ক হৈছে জিলা প্ৰশাসন ৷ চাজিবুৰৰ নিজ গাও পেলাদহৰ যি কোনো মুহুৰ্তত প্ৰশাসনে ছীল কৰাতো এক প্ৰকাৰ নিশ্চিত হৈছে ৷ গাৱখনক ইতিমধ্যে "কন্টেইনমেন্ট জ'ন " হিচাপে চিহ্নিত কৰিছে কাছাৰ জিলা প্ৰশাসনে ৷