kabul blast
kabul blast  
মুখ্য-পৃষ্ঠা

বিদ্যালয়ত আত্মঘাতী বিস্ফোৰণ, মৃত্যু প্ৰায় ২৭ জনৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন বিদ্যালয়ত সংঘটিত এক আত্মঘাতী আক্ৰমণত কমেও ২৭ জন লোক নিহত হয়। লগতে কেইবাজনো লোক আহত হয়।

শুকুৰবাৰে পুৱা হোৱা এই বিস্ফোৰণত মৃত সকলৰ ভিতৰত কমেও ১৯ জন শিক্ষাৰ্থী আছিল । কাবুল আৰক্ষী প্ৰধানৰ এজন তালিবান মুখপাত্ৰই কয় যে আত্মঘাতী বিস্ফোৰণ আফগান ৰাজধানীৰ এটা চিয়া অধ্যুষিত অঞ্চলত সংঘটিত হৈছিল। দশত-ই-বাৰ্চি অঞ্চলত এই বিস্ফোৰণ সংঘটিত হৈছিল।

উল্লেখ্য যে, উক্ত অঞ্চলত চিয়া আৰু হাজাৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে বাস কৰে। এই অঞ্চলত প্ৰায়ে মাৰাত্মক আক্ৰমণ সংঘটিত হয়। শিক্ষাৰ্থী সকলে পৰীক্ষাৰ্থীৰ প্ৰস্তুতি চলাই থকাৰ মাজতেই এই বিস্ফোৰণ সংঘটিত হয়।