মুখ্য-পৃষ্ঠা

জোৰশিমুলীৰ হাঁহচৰীত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী এটাক জে’ললৈ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে গোপন খবৰৰ ভিত্তিত বুধবাৰে নিশা জোৰশিমুলীৰ হাঁহচৰীত অতৰ্কিতভাৱে অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰী এটাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰামতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত জোৰশিমুলী আৰক্ষীৰ সহযোগত বুধবাৰে নিশা হাঁহচৰীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অতৰ্কিত অভিযান চলায়৷

আৰক্ষীৰ অভিযানকালত জোৰশিমুলীৰ হাঁহচৰীত বিক্ৰী কৰি থকা অৱস্থাত ১০ টা কণ্টেইনাৰত থকা ১৩.৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, এটা ম'বাইল হেণ্ডছেট, নগদ ৩,৮৮০ টকাৰ সৈতে এ এছ-০১ ই এছ-৯১৫৭ নম্বৰৰ স্কুটী, দুটা মেচিনসহ সৰবৰাহকাৰী এটাক হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়৷ ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বকো সমষ্টিৰ সোণতলীৰ বৰ আৰিকাটিৰ মোৱাৰক হুছেইন বুলি জানিব পৰা গৈছে৷ ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মোৱাৰক হুছেইনক ছয়গাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে আদালতৰ জৰিয়তে জে'ল-হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷